নিউজ ডেস্ক: প্ৰধান মন্ত্ৰী নৰেন্দ্ৰ মোদীৰ অধ্যক্ষতাত অনুষ্ঠিত কেন্দ্ৰীয় কেবিনেটে ইটানগৰৰ হোলোংগীস্থিত গ্ৰীণফিল্ড বিমানবন্দৰক ‘ডনি পোলো বিমানবন্দৰ, ইটানগৰ’ হিচাপে নামকৰণৰ বাবে অনুমোদন জনাইছে।

অৰুণাচল প্ৰদেশ ৰাজ্য চৰকাৰে বিমানবন্দৰটোক ‘ডনি পোলো বিমানবন্দৰ, ইটানগৰ’ বুলি নামাকৰণ কৰাৰ প্ৰস্তাৱ গৃহীত কৰে। এই নামটোৱে ৰাজ্যখনৰ পৰম্পৰা আৰু সমৃদ্ধ সাংস্কৃতিক ঐতিহ্যৰ প্ৰতীক সূৰ্য (ডনি) আৰু চন্দ্ৰ (পোলো)ৰ প্ৰতি জনসাধাৰণৰ শ্ৰদ্ধা প্ৰতিফলিত কৰে।

উল্লেখযোগ্য যে ভাৰত চৰকাৰে ২০১৯ চনৰ জানুৱাৰীত হোলোংগী গ্ৰীণফিল্ড বিমানবন্দৰৰ উন্নয়নৰ বাবে অনুমোদন জনাইছিল। কেন্দ্ৰীয় চৰকাৰ আৰু অৰুণাচল প্ৰদেশ চৰকাৰৰ সহযোগত ভাৰতীয় বিমানবন্দৰ প্ৰাধিকৰণে ৬৪৬ কোটি টকা ব্যয়েৰে এই প্ৰকল্পটো নিৰ্মাণ কৰে।

লগতে পঢ়ক – কাৰ নৃশংসতা, কাৰ অৱজ্ঞাৰ বাবে পেং-নিৰ্ভৰ হ’ল একালৰ কৃষক ভগত গড়ৰ জীৱন

Subscribe to EastMojo Assam

Enter your email address to receive notifications of new stories by email.

Join 6,868 other subscribers

Leave a comment

Leave a Reply