লখিমপুৰ, পল্লৱ মিলি: অসম-অৰুণাচল প্ৰদেশৰ সীমা বিবাদ সমাধানৰ নামত লখিমপুৰ জিলাৰ দুলুং সংৰক্ষিত বনাঞ্চলৰ ৯,৯০০ হেক্টৰ ভূমিৰ ৯,৭০০ হেক্টৰ অৰুণাচল প্ৰদেশক গটাই দিয়াৰ আশংকাত উদ্বিগ্নতা প্ৰকাশ কৰিছে ৰাজ্যৰ বিভিন্ন দল সংগঠনে।
শুকুৰবাৰে জিলাখনৰ পথালিপাম বনখণ্ডৰ কাৰ্যালয়ৰ সন্মুখত দুলুং কঞ্জাৰভেচন ছছা’ইটি নামৰ এটা প্ৰকৃতিপ্ৰেমী সংগঠনৰ উদ্যোগত অনুষ্ঠিত এক সংবাদমেলত বিভিন্ন জাতীয় দল-সংগঠনৰ প্ৰতিনিধিয়ে অংশগ্ৰহণ কৰি অৰুণাচল চৰকাৰে অসমৰ ভূমি চক্ৰান্তেৰে হস্তগত কৰিবলৈ বিচৰা কাণ্ডক তীব্ৰ ভাষাৰে গৰিহণা দিয়ে।
সংবাদমেলত, সীমা সমস্যা সমাধানৰ নামত অসমৰ এক ইঞ্চি মাটিও অৰুণাচল প্ৰদেশৰ হাতলৈ যাবলৈ দিয়া নহ’ব বুলি স্পষ্ট কৰি দিয়ে দুলুং কঞ্জাৰভেচন ছছা’ইটি, ৰাইজৰ দলৰ ভাতৃ সংগঠন জাতীয় যুৱ বাহিনী, অসম জাতীয়তাবাদী যুৱ ছাত্ৰ পৰিষদ, সদৌ অসম গোৰ্খা ছাত্ৰ সন্থা আদি সংগঠনে।
প্ৰয়োজনত অৰুণাচল প্ৰদেশৰ বিৰুদ্ধে সৰ্বাত্মক অৰ্থনৈতিক অৱৰোধ কাৰ্যসূচী গ্ৰহণ কৰিব বুলিও সংগঠন কেইটাই সকিয়াই দিয়ে।
ৰাজ্যৰ মুখ্য মন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাক সমালোচনা কৰি সংবাদমেলত সংগঠন কেইটাই কয় যে অৰুণাচল চৰকাৰক তৈলমৰ্দন কৰিবলৈ গৈ অসম-অৰুণাচল সীমান্তত অৱস্থিত চিয়া নাহৰৰ বাবে এছিয়া বিখ্যাত দুলুং বনাঞ্চলক অৰুণাচলক গটাই দি দুলুঙক ধ্বংস কৰাৰ ষড়যন্ত্ৰ কৰিছে।
আজিৰ সংবাদমেলত দুলুং কঞ্জাৰভেচন ছছা’ইটিৰ সম্পাদক মজিন সোণোৱাল, কাৰ্যকৰী সভাপতি পূণ্যকান্ত মিলি, প্ৰকৃতিপ্ৰেমী হামিদুৰ ৰহমান, জাতীয় যুৱ বাহিনীৰ ৰাজ্যিক সাধাৰণ সম্পাদক নিৰ্মল পায়েং,অসম জাতীয়তাবাদী যুৱ ছাত্ৰ পৰিষদৰ কেন্দ্ৰীয় নেতা প্ৰদীপ শৰ্মা আদি উপস্থিত থাকে।
লগতে পঢ়ক – জয়মালাক ঘূৰাই আনিবলৈ তামিলনাডুলৈ যাব অসমৰ পৰা এটি চাৰিজনীয়া দল