নিউজ ডেস্ক: অৰুণাচল প্ৰদেশৰ কুৰুং কুমেই জিলাত যোৱা ৫ জুলাইত সীমান্ত পথ নিৰ্মাণ ক্ষেত্ৰৰ এটা কেম্পৰ পৰা সন্ধানহীন হোৱা অসমৰ ১৯জন শ্ৰমিকৰ ৫জনৰ মৃতদেহ জিলাখনৰ ডামিন মহকুমাৰ হুৰিৰ পৰা তাপালৈকে থকা গভীৰ অৰণ্যত উদ্ধাৰ হৈছে। ৫টা গলিত মৃতদেহ।
কুৰুং কুমেই জিলা প্ৰশাসনে জাৰি কৰা এক প্ৰেছ বিজ্ঞপ্তি মতে বৃহস্পতিবাৰে অৰণ্যৰ মাজত চাৰিজন শ্ৰমিকৰ গতিল মৃতদেহ উদ্ধাৰ কৰা হয়। মৃতদেহ কেইটাক ফৰিজুল হক ওৰফে তুৰু, মইজাল হক, সোহৰ আলী ওৰফে ৰুষ্টম আলী আৰু আবুল হুছেইন বুলি চিনাক্ত কৰা হৈছে। ইয়াৰ পূৰ্বে ফুৰাক নদীত হিকমত আলী নামৰ এজন শ্ৰমিকৰ মৃতদেহ উদ্ধাৰ হৈছিল। ইয়াকে ধৰি মুঠ ১৯ শ্ৰমিকৰ এই পৰ্যন্ত ৫জনৰ মৃত্যু হোৱাটো নিশ্চিত হৈছে।
“বহু কাৰণত সকলো গলিত মৃতদেহ উদ্ধাৰ কৰিব পৰা নগ’ল। ২৩ জুলাইত উদ্ধাৰকাৰী দলটোত যোগদান কৰা IAFৰ হেলিকপ্টাৰে প্ৰতিকূল বতৰৰ বাবে অভিযান স্থগিত ৰাখিছিল আৰু এতিয়া ভাল বতৰৰ বাবে অপেক্ষা কৰি আছে। কুৰুং কুমেইৰ উপায়ুক্তই সমগ্ৰ উদ্ধাৰ অভিযানৰ নিৰীক্ষণ কৰি আৰক্ষী, এছডিআৰএফৰ লগতে স্থানীয় দলসমূহক নিৰুদ্দেশ হোৱা সকলো শ্ৰমিকক জীৱিত বা মৃত অৱস্থাত উদ্ধাৰ নোহোৱা পৰ্যন্ত অনুসন্ধান আৰু উদ্ধাৰ অভিযান অব্যাহত ৰাখিবলৈ নিৰ্দেশ দিছে,” বিজ্ঞপ্তিটোত কোৱা হয়।
যোৱা বুধবাৰে উদ্ধাৰ হোৱা দুজন শ্ৰমিকে তেওঁলোকৰ ঘৰলৈ উভতি গৈছে যদিও আন ৫জন এতিয়াও কোলোৰিয়াঙত থকা চেৰা তালো জিলা হস্পিটালত চিকিৎসাধীন হৈ আছে। অৱশ্যে চিকিৎসাধীন শ্ৰমিক কেইজনৰ অৱস্থা উন্নত হৈছে বুলি জানিবলৈ দি কোলোৰিয়াং আৰক্ষী থানাৰ ভাৰপ্ৰাপ্ত বিষয়া গৰাকীয়ে তেওঁলোক শীঘ্ৰে ঘৰলৈ ঘূৰি যাব পাৰিব বুলি আশা প্ৰকাশ কৰে।
উল্লেখযোগ্য যে ৫ জুলাইত সন্ধানহীন হোৱা বিআৰঅ’ৰ ১৯জন শ্ৰমিক বঙাইগাঁও, কোকৰাঝাৰ, ধুবুৰী আৰু বৰপেটা জিলাৰ বাসিন্দা।
লগতে পঢ়ক- নায়িকা হোৱাৰ পিছত প্ৰথম চিনেমাখনত কিমান টকা উপাৰ্জন কৰিছিল অৰ্পিতা মুখাৰ্জীয়ে