লখিমপুৰ: অসম সাহিত্য সভাৰ সভাপতি পদৰ প্ৰাৰ্থী পদ্মশ্ৰী য়েছে দৰজে ঠংচিৰ সমৰ্থনত অৰুণাচল প্ৰদেশৰ পূব চিয়াং জিলা পাছিঘাটৰ পৰা গুৱাহাটীলৈ চাইকেল যাত্ৰা আৰম্ভ কৰা অসমৰ দুই যুৱকে লখিমপুৰত উপস্থিত হৈছে।

বিশিষ্ট সাহিত্যিক য়েছে দৰজে ঠংছিক অসম সাহিত্য সভাৰ সভাপতি অধিষ্ঠিত কৰিবলৈ ৰাইজৰ দৃষ্টি আৰ্কষণ কৰিবলৈ আবিদ আজাদ আৰু ছাফিউজ জামান নামৰ যুৱক দুজনে ‘অসম-অৰুণাচল সদ্ভাৱ চাইকেল যাত্ৰা’ নামৰ এই চাইকেল যাত্ৰাৰ আৰম্ভ কৰিছে।

ঠংচি অসম সাহিত্য সভাৰ সভাপতি হলে দুয়োখন ৰাজ্যৰ মাজৰ সম্পৰ্ক সুদৃঢ় হোৱাৰ লগতে দুয়ো ৰাজ্য দুখনৰ সীমান্তৰ বাসিন্দাসকলৰ মাজত চলি থকা সংঘাত বহু পৰিমাণে শাম কাটিব বুলিও তেওলোকে আশা প্রকাশ কৰে।

চাইকেল যাত্ৰা কৰি আহি আজি দুপৰীয়া লখিমপুৰত উপস্থিত হোৱা যুৱকদ্বয়ক নগৰৰ সমীপৰ ১৫ নং ৰাষ্ট্ৰীয় ঘাইপথৰ চেকগেটত বিভিন্ন সংগঠন তথা অনুষ্ঠানৰ তৰফৰ পৰা আদৰণি জনোৱা হয়।

লগতে পঢ়ক – ভাৰতৰ ‘ৱাৰেন বাফেট’ ৰাকেশ ঝুনঝুনৱালা মৃত্যু

Subscribe to EastMojo Assam

Enter your email address to receive notifications of new stories by email.

Join 7,218 other subscribers

Leave a comment

Leave a Reply