মানস প্ৰতিম গগৈ, মাৰ্ঘেৰিটা: চুবুৰীয়া ৰাজ্যসমূহৰ সৈতে বহু দশকজোৰি চলি থকা সীমা বিবাদ নিস্পত্তিৰ ক্ষেত্ৰত অসম চৰকাৰে শেহতীয়াকৈ চুবুৰিয়া ৰাজ্যসমূহৰ সৈতে আলোচনা আৰম্ভ কৰাৰ সমান্তৰালকৈ সীমামুৰীয়া অঞ্চলসমূহৰ ক্ষেত্ৰ প্ৰৰিৰ্দশন আৰম্ভ কৰিছে।

অসম অৰুণাচল প্ৰদেশৰ সীমা সমস্যাক লৈ দুয়োখন ৰাজ্যৰ মাজত নামচাই ঘোষণা পত্ৰৰ পাছত শনিবাৰে দ্বিতীয় বাৰৰ বাবে দুয়োখন ৰাজ্যৰ মন্ত্ৰীয়ে যুটিয়াভাৱে তিনিচুকীয়া জিলাৰ মাৰ্ঘেৰিটা মহকুমাৰ অসম অৰুণাচল সীমান্তৱৰ্তী ৰাংৰিংকান অঞ্চল পৰিৰ্দশন কৰে।

তিনিচুকীয়া আৰু চাংলাং জিলাৰ সীমান্তৱৰ্তী বিবদমান এলেকাসমূহ পৰিদৰ্শন কৰাৰ লগতে মন্ত্ৰী বৰাই স্থানীয় ৰাইজ, গাওঁবুঢ়াসকলৰ সৈতে মত বিনিময়ত কৰে।

দুয়োখন ৰাজ্যৰ মাজৰ সীমা সমস্যাৰ ফলপ্ৰসূ সমাধানৰ উদ্দেশ্যে দুয়োখন ৰাজ্যৰ আঞ্চলিক সমিতি দুখনৰ মাজত আবেলিলৈ অনুষ্ঠিত এক বৈঠকত মাৰ্ঘেৰিটাৰ বিধায়ক ভাস্কৰ শৰ্মা, অৰুণাচল প্ৰদেশ বিধানসভাৰ উপাধ্যক্ষ টেচাম পংটে, অৰুণাচল প্ৰদেশৰ মন্ত্ৰী কামলুং মুচেং, বিধায়ক লাইচাম সিমাই আৰু ফুসুম খিমচান, তিনিচুকীয়াৰ অভিভাৱক সচিব অনন্ত লাল জ্ঞানী, উপায়ুক্ত, আৰক্ষী অধীক্ষক আৰু সংশ্লিষ্ট বিভাগৰ বিষয়াসকল উপস্থিত থাকে।

সভাত অৰুণাচলৰ কেইবাখনো বিবাদমান গাঁৱৰ গাওঁবুঢ়াই কেৱল ৰাংৰিং কান গাওঁখনেই নহয় বৰ্তমান অসমৰ হাতত থকা জাগুন, মালৌপাহাৰ, লিডুৰ এক বৃহৎ অঞ্চল অৰুণাচলৰ বুলি মুকলিকৈ দাবী কৰে যদিও উক্ত গাওঁ‌ বা এলেকা সমূহৰ নাম নামচাই ঘোষণা পত্ৰত নথকাটোৱে তাৎপৰ্য বহন কৰিছে।

অৱশ্যে দুয়োখন ৰাজ্যৰ মন্ত্ৰী তথা সমিতিৰ অধ্যক্ষসকলে আলোচনা কৰি অহা ১৫ ছেপ্তম্বৰৰ ভিতৰত অসমৰ মুখ্য মন্ত্ৰী তথা চৰকাৰক প্ৰতিবেদন দাখিল কৰিব বুলি জানিব পৰা গৈছে।

অৰুণাচলৰ গাওঁবুঢ়া প্ৰমুখ্যে একাংশ দল সংগঠনে মাৰ্ঘেৰিটা মহকুমাৰ বিভিন্ন অঞ্চল নিজৰ বুলি দাবী কৰাৰ সন্দৰ্ভত অসম চৰকাৰে কেনেধৰণৰ প্ৰতিক্ৰিয়া প্ৰকাশ কৰে সেইয়া লক্ষণীয় হোৱাৰ লগতে অসমৰ দল সংগঠন সমূহে কেনেধৰণৰ স্থিতি প্ৰকাশ কৰে সেইয়াও লক্ষণীয় হৈ পৰিছে।

লগতে পঢ়ক – ট্ৰেইন ষ্টেশ্যনত প্ৰস্ৰাৱ কৰিলে ভৰিব লাগিব জিএছটি! কিমান সত্য?

Subscribe to EastMojo Assam

Enter your email address to receive notifications of new stories by email.

Join 7,000 other subscribers

Leave a comment

Leave a Reply