নিউজ ডেস্ক: কেন্দ্ৰীয় পথ পৰিবহণ আৰু ঘাইপথ মন্ত্ৰী নীতিন গাডকাৰীয়ে বুধবাৰে উত্তৰ-পূবত ৰূপায়ণ কৰা বিভিন্ন ৰাষ্ট্ৰীয় ঘাইপথ প্ৰকল্পৰ অগ্ৰগতিৰ পৰ্যালোচনা কৰে আৰু সংশ্লিষ্ট বিষয়াসকলক প্ৰকল্পসমূহ সময়মতে সম্পূৰ্ণ কৰিবলৈ নিৰ্দেশ দিয়ে।

গুৱাহাটীত অনুষ্ঠিত তিনিদিনীয়া পৰ্যালোচনা কাৰ্যসূচীৰ প্ৰথম দিনা গাডকাৰীয়ে কেন্দ্ৰীয় পথ পৰিবহণ আৰু ঘাইপথ ৰাজ্যিক মন্ত্ৰী ভি কে সিঙৰ সৈতে উত্তৰ-পূবৰ চাৰিখন ৰাজ্য ক্ৰমে অসম, মেঘালয়, ছিকিম আৰু নাগালেণ্ডত চলি থকা ৰাষ্ট্ৰীয় ঘাইপথ প্ৰকল্পসমূহৰ অগ্ৰগতিৰ বুজ লয় বুলি এজন বিষয়াই জানিবলৈ দিয়ে।

উক্ত বৈঠকত মুখ্য মন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ লগতে পথ পৰিবহণ মন্ত্ৰালয় তথা বিভিন্ন ৰাজ্যৰ কেইবাজনো জ্যেষ্ঠ বিষয়াৰ উপৰিও ঠিকাদাৰসকল উপস্থিত থাকে। বৈঠকত প্ৰকল্পসমূহৰ বৰ্তমানৰ স্থিতি আৰু সময়মতে সম্পূৰ্ণ কৰাত আহি পৰা বিভিন্ন বাধা সন্দৰ্ভত বিস্তৃত আলোচনা কৰা হয়।

আলোচনাত চলিত তথা ভৱিষ্যতৰ প্ৰকল্পসমূহৰ ক্ষেত্ৰত ভূমি অধিগ্ৰহণ, নতুন প্ৰযুক্তিৰ ব্যৱহাৰ, বিত্তীয় হস্তক্ষেপ আদি বিভিন্ন বিষয়ে ঠাই পাই বুলি বিষয়াজনে কয়।

কেন্দ্ৰীয় মন্ত্ৰীজনে উত্তৰ-পূবৰ চাৰিখন ৰাজ্যত চলি থকা প্ৰকল্পসমূহৰ ৰূপায়ণ কি কাৰণত পলম হৈছে তাক লৈ প্ৰশ্ন কৰাৰ লগতে শীঘ্ৰে উক্ত প্ৰকল্পসমূহ সম্পূৰ্ণ কৰিবলৈ নিৰ্দেশ দিয়ে বুলি তেওঁ জানিবলৈ দিয়ে।

তেওঁ আৰু কয় যে গাডকাৰীয়ে উত্তৰ-পূবৰ ৰাজ্যসমূহত বিশ্বমানৰ পৰিবহণ আন্তঃগাঁথনি গঢ়ি তুলিবলৈ কেন্দ্ৰীয় আৰু ৰাজ্যিক সংস্থাসমূহৰ মাজত সমন্বয় আৰু অংশীদাৰিত্বৰ গুৰুত্বৰ ওপৰত গুৰুত্ব আৰোপ কৰে।

লগতে পঢ়ক – দেউৰী স্বায়ত্ত শাসিত পৰিষদৰ নিৰ্বাচন, লখিমপুৰৰ ৭ সমষ্টিৰ ফলাফল এনেধৰণৰ

Subscribe to EastMojo Assam

Enter your email address to receive notifications of new stories by email.

Join 7,222 other subscribers

Leave a comment

Leave a Reply