গুৱাহাটী: মেঘলালয় চৰকাৰে অসমৰ পৰা যোৱা ইন্ধন পৰিবহণকাৰী বাহনক সুৰক্ষা প্ৰদানৰ প্ৰতিশ্ৰুতিৰ প্ৰতি সন্মান জনাই অসম পেট্ৰ’লিয়াম মজদুৰ ইউনিয়ন (APMU)-এ বৃহস্পতিবাৰে ৰাজ্যখনলৈ ইন্ধনৰ পৰিবহণ বন্ধ কৰাৰ সিদ্ধান্ত সাময়িকভাৱে উঠাই লৈছে।

অসম পেট্ৰ’লিয়াম মজদুৰ ইউনিয়নৰ সভাপতি বিনোদ তিৱাৰীয়ে জানিবলৈ দিয়ে। ইয়াৰ পৰিপ্ৰেক্ষিতত আজি গুৱাহাটীৰ পৰা ২২খন ইন্ধন পৰিবাহী বাহন মেঘালয়লৈ প্ৰেৰণ কৰা হ’ব বুলি তিৱাৰীয়ে ইষ্টম’জ’ক জনায়।

‘’মেঘালয় চৰকাৰে বৰ্ণিহাটৰ পৰা অসমৰ ইন্ধন পৰিবাহী বাহনৰ সকলো ধৰণৰ সুৰক্ষা আৰু নিৰাপত্তাৰ প্ৰয়োজনীয় ব্যৱস্থা গ্ৰহণ কৰিব বুলি আমাক প্ৰতিশ্ৰুতি দিছে,’’ তিৱাৰীয়ে কয়।

তেওঁ লগতে কয়, ‘’তেওঁলোকৰ আশ্বাসৰ প্ৰতি সন্মান জনাই আজি আমি ট্ৰায়েল হিচাপে মেঘালয়লৈ ২২খন বাহন পঠিয়াম। যদি আজি পুনৰ অপ্ৰীতিকৰ পৰিস্থিতিৰ সৃষ্টি হয় তেন্তে কাইলৈৰ পৰা বাহনৰ চলাচল বন্ধ কৰা হ’ব।‘’

উল্লেখযোগ্য যে যোৱা ২২ নৱেম্বৰত মেঘালয়ৰ মুক্ৰত সংঘটিত এক গুলীচালনাৰ ঘটনাত ৰাজ্যখনৰ ৫জন লোকৰ লগতে অসমৰ এজন বনকৰ্মীকে ধৰি মুঠ ৬জন লোকৰ মৃত্যু হৈছিল।

উক্ত ঘটনাৰ পিছতে মেঘালয়ত সংঘটিত বিক্ষিপ্ত হিংসাত্মক ঘটনাত অসমৰ পৰা যোৱা কেইবাখনো বাহনত অগ্নি সংযোগ কৰা হৈছিল। পৰিস্থিতিৰ প্ৰতি লক্ষ্য ৰাখি আৰক্ষীয়ে অসমৰ নম্বৰ প্লেট থকা বাহনক মেঘালয়ত প্ৰৱেশ নকৰিবলৈ পৰামৰ্শ দিছে।

লগতে পঢ়ক – ৰঞ্জিত বৰাৰ হত্যাকাৰীৰ সন্ধান দিওঁতালৈ ২ লাখ টকাৰ পুৰস্কাৰ ঘোষণা

Subscribe to EastMojo Assam

Enter your email address to receive notifications of new stories by email.

Join 6,599 other subscribers

Leave a comment

Leave a Reply Cancel reply