নিউজ ডেস্কঃ অসম ৰাইফলছে ২ নৱেম্বৰত অৰুণাচল প্ৰদেশৰ লংডিঙত নিষিদ্ধ সংগঠন এন এছ চি এন-কে (ৱাইএ)ৰ এজন সদস্যক আটক কৰে। অসম ৰাইফলছ আৰু লংডিং আৰক্ষীৰ এক যুটীয়া অভিযানত চলিছিল এই অভিযান।

লংডিং চহৰৰ লেবাৰ কলনিৰ পৰা আটক কৰা হৈছে এন এছ চি এন-কে (ৱাইএ) কেডাৰজনক।

উল্লেখ্য যে, ১৫ জুনটো অসম ৰাইফলছে আৰক্ষীৰ সৈতে চলোৱা এক যুটীয়া অভিযানত অৰুণাচল প্ৰদেশৰ টিৰাপ জিলাৰ নামনি চিংহান গাঁৱৰ পৰা এজন এনএছচিএন-কে (ৱাইএ) কেডাৰ আটক কৰিছিল। 

Subscribe to EastMojo Assam

Enter your email address to receive notifications of new stories by email.

Join 6,877 other subscribers

Leave a comment

Leave a Reply