গুৱাহাটীঃ  মিজোৰামত সংঘটিত এক পথ দুৰ্ঘটনাত অসমৰ যুৱকৰ মৃত্যু। নিহত যুৱকজন কৰিমগঞ্জ জিলাৰ ২৬ বছৰীয়া মৃত যুৱকজন আলমাছ উদ্দিন বুলি চিনাক্ত কৰা হৈছে।

আলমাছ উদ্দিন কৰিমগঞ্জৰ পাথাৰকান্দি বিধানসভা সমষ্টিৰ অন্তৰ্গত ডেফোলালা গাঁও পঞ্চায়তৰ অন্তৰ্গত পশ্চিম লখিপুৰৰ বাসিন্দা। তেওঁ মিজোৰামৰ মামিত জিলাত জেচিবি চালক হিচাপে কৰ্মৰত আছিল।

জানিব পৰা মতে, ৰাতিপুৱা নিজৰ দুচকীয়া বাহন খনেৰে কৰ্মস্থলীলৈ গৈ থকা অৱস্থাত বিপৰীত দিশৰ পৰা অহা তীব্ৰবেগী এখন ট্ৰাকে খুন্দা মৰাৰ ফলত দুৰ্ঘটনাটো সংঘটিত হয়। এই দুৰ্ঘটনাত থিতাতে নিহত হয় আলমাছৰ । এই প্ৰতিবেদন লিখা মূহুৰ্তলৈকে আলমাছৰ মৃতদেহ জন্মভূমি আহি পোৱাহি নাই।

মঙলবাৰে ইষ্টম’জ’ৰ সৈতে এক বাৰ্তালাপত পাথাৰকান্দিৰ বিজেপিৰ বিধায়ক কৃষ্ণেন্দু পালে এই দুৰ্ঘটনাত গভীৰ শোক প্ৰকাশ কৰে আৰু শোকসন্তপ্ত পৰিয়ালৰ সদস্যসকললৈ সমবেদনা জ্ঞাপন কৰে।

মৃতকৰ পৰিয়ালে চৰকাৰৰ পৰা কোনো ক্ষতিপূৰণ পাব নেকি বুলি সোধাত তেওঁ কয় যে তেওঁ বিষয়টো কৰিমগঞ্জৰ উপায়ুক্তক উত্থাপন কৰিব আৰু এই সন্দৰ্ভত কি কৰিব পাৰি আলোচনা কৰিব।

লক্ষণীয়ভাৱে, এই বছৰ ভাৰতৰ বিভিন্ন ৰাজ্যত বৰাক উপত্যকাৰ কমেও পাঁচজন লোকৰ (আলমাছ উদ্দিনকে ধৰি) মৃত্যু হৈছে। কৰিমগঞ্জ জিলাৰ পাথাৰকান্দি বিধানসভা সমষ্টিৰ অন্তৰ্গত ঝাৰঝেৰী গাওঁ পঞ্চায়তৰ অন্তৰ্গত কাটানপুৰৰ এজন ২০ বছৰীয়া যুৱক ছুহেল আহমেদৰ ছেপ্টেম্বৰত বাংগালুৰুত এক পথ দুৰ্ঘটনাত মৃত্যু হৈছিল।

কৰিমগঞ্জ জিলাৰ ৰাতাবাৰী বিধানসভা সমষ্টিৰ অন্তৰ্গত মাগুৰাচেৰাৰ এজন যুৱক ইউছুফ আলীৰ আগষ্টত বাংগালুৰুৰ ৰহস্যজনকভাৱে এখন চিকিৎসালয়ত মৃত্যু হৈছিল।

হাইলাকান্দিৰ এজন ২৫ বছৰীয়া যুৱক ছাইদুল ৰহমান লস্কৰ জুলাইত বাংগালুৰুৰ এটা পাঁচ মহলীয়া অট্টালিকাৰ পৰা পৰি মৃত্যুবৰণ কৰিছিল। 

হাইলাকান্দি জিলাৰ লালাৰ সপ্তম খণ্ডৰ কাটাগাওঁ, ৰাজেশ্বৰপুৰৰ আবুল মনচুৰ লস্কৰ (২৮), ফেব্ৰুৱাৰীত বেংগালুৰুত গেছ চিলিণ্ডাৰ বিস্ফোৰণ হৈ মৃত্যু বৰণ কৰিছিল। আবুল মনচুৰ লস্কৰ পেছাত এজন অভিযন্তা আছিল।

Subscribe to EastMojo Assam

Enter your email address to receive notifications of new stories by email.

Join 6,881 other subscribers

Leave a comment

Leave a Reply