নিউজ ডেস্কঃ ছিকিমৰ ৰাজধানী গেংটকত ভয়ংকৰ হিমস্খলন সংঘটিত হৈছে। জানিব পৰা অনুসৰি, ১৫০ জনতকৈ অধিক লোক বৰফত আৱদ্ধ হৈ আছে। বাতৰিটো প্ৰকাশ পোৱাৰ লৈকে ৭ জন পৰ্যটকৰ মৃত্যু হোৱা বুলি আমাৰ হাতত খবৰ আহি পৰিছে।

পৰ্যবেক্ষনকাৰী সকলে জনোৱা অনুসৰি, ঘটনাটো গেংটকৰ পৰা নাথুলা পাছলৈ সংযোগ কৰা জৱাহৰলাল নেহৰু পথত দুপৰীয়া প্ৰায় ১২:২০ বজাত সংঘটিত হৈছিল।

দুৰ্ঘটনা সংঘটিত হোৱা ঠাই খিনিত মাত্ৰ ১৩ মাইলৰ ওপৰলৈ যোৱাৰ বাবে অনুমতি প্ৰদান কৰা হয়। কিন্তু আজি পৰ্যটকসকলে জৱাহৰলাল নেহৰু মাৰ্গৰ চতুৰ্দশ মাইলৰ খুঁটিলৈ গৈছিল আৰু ইয়াতেই দুৰ্ঘটনাটো সংঘটিত হয়।

দুৰ্ঘটনা সংঘটিত হোৱাৰ পিছতেই সীমান্ত পথ সংস্থাই (BRO) লগে লগেই উদ্ধাৰ অভিযান আৰম্ভ কৰে।

সেনাৰ সূত্ৰ অনুসৰি, জৱাহৰলাল নেহৰু ৰোডৰ ১৪ তম ষ্টপত হোৱা হিমস্খলনত ২৫-৩০ জন পৰ্যটক আৱদ্ধ হৈ আছিল। সীমান্ত পথ সংস্থাই দ্ৰুত উদ্ধাৰ অভিযান আৰম্ভ কৰি ২২ জন লোকক উদ্ধাৰ কৰে। ইয়াৰে, গভীৰ উপত্যকাৰ পৰা ছয়জন পৰ্যটকক উদ্ধাৰ কৰা হৈছিল।

উল্লেখযোগ্য যে, হিমস্খলন হোৱাৰ পিছতেই নাথুলাৰ পথটোত বৰ্তমানেও প্ৰায় ৩৫০ জন লোক আৰু ৮০ খন বাহন আৱদ্ধ হৈ আছে।

লগতে পঢ়ক – Fact Check: 100 Pipers সুৰাৰ বটলত অসমীয়া গামোচাৰ আৰ্ট ব্যৱহাৰ কৰা হোৱা নাই, ভাইৰেল পোষ্ট বিভ্ৰান্তিকৰ

Subscribe to EastMojo Assam

Enter your email address to receive notifications of new stories by email.

Join 7,000 other subscribers

Leave a comment

Leave a Reply