নিউজ ডেস্কঃ নাগালেণ্ডত পুনৰ বাৰৰ চৰকাৰ গঠন কৰিছে বিজেপি মিত্ৰজোঁট চৰকাৰে।
বিজেপি–এনডিপিপি মিত্ৰজোঁটে একক সংখ্যাগৰিষ্ঠতাৰে ৬০ খন আসনৰ ভিতৰত ৩৮ খন আসন লাভ কৰিছে।
বিধানসভা নিৰ্বাচনৰ ফলাফল অনুসৰি এনডিপিপি য়ে ২৬খন আৰু বিজেপিয়ে ১২খন আসন লাভ কৰিছে।
বাকী ২২ খন আসনৰ ভিতৰত এনপিএফ দলে লাভ কৰে ২ খন, এনপিপি দলে ৪ খন আৰু অন্যান্যই লাভ কৰে ১৬খন আসন।
অন্যান্য দলে লাভ কৰা ১৬খন আসনৰ ভিতৰত নিৰ্দলীয়ই ৪ খন, জেডি (ইউ) য়ে ১ খন, এলজেপি (আৰভি) য়ে ২ খন, এনচিএ য়ে ৭ খন আৰু আৰপিআই (এ) য়ে ২ খন আসন লাভ কৰিছে।