উত্তৰ-পূব চলচ্চিত্ৰ মহোৎসৱ ২০২৩, তথ্য আৰু সম্প্ৰচাৰ মন্ত্ৰালয়ৰ তত্বাৱধানত মুম্বাইৰ ৰাষ্ট্ৰীয় চলচ্চিত্ৰ উন্নয়ন নিগমত অনুষ্ঠিত হৈছিল।

য’ত ‘ব’হাগ ব’হাগ মন’ক ‘পৰিৱেশ আৰু সংস্কৃতি’ৰ শাখাত শ্ৰেষ্ঠ চুটি ছবি হিচাপে ঘোষণা কৰা হৈছে। ছবিখন পৰিচালনা কৰিছিল পাৰ্থসাৰথি মহন্তই আৰু প্ৰযোজক মিনা মহন্ত আৰু দেৱজিৎ ভূঞা আছিল।

তদুপৰি পাৰ্থসাৰথি মহন্তৰ পৰিচালিত আৰু মিনা মহন্ত আৰু ইন্দ্ৰাণী বৰুৱাৰ প্ৰযোজনা ‘লাচিত (দ্য ৱাৰিয়ৰ)’ক জুৰী বিশেষ শ্ৰেণীৰ বঁটা প্ৰদান কৰা হৈছে।

ব’হাগ ব’হাগ মন’ হৈছে প্ৰকৃতি আৰু মানুহৰ মাজৰ সংমিশ্ৰিত সম্পৰ্কৰ গীতিময় উপস্থাপনত বিশেষকৈ ব’হাগৰ লগত জড়িত আৱেগ আৰু অসমীয়াৰ দ্বাৰা ইয়াৰ বৰ্ণিল উদযাপনৰ চিত্ৰণ।

আনহাতে, ‘লাচিত (দ্য ৱাৰিয়ৰ)’ হৈছে শক্তিশালী মোগল সেনাবাহিনীক পৰাস্ত কৰা কিংবদন্তি অসমীয়া জেনেৰেল তথা মেধাৱী সামৰিক কৌশলবিদ লাচিত বৰফুকনৰ ওপৰত উত্তেজক এনিমেচনত উপস্থাপন কৰা জীৱনীমূলক কবিতা।

২০২৩ চনৰ ২৪ মাৰ্চৰ পৰা ২৬ মাৰ্চলৈ অনুষ্ঠিত হোৱা এই মহোৎসৱত বলীউডৰ চলচ্চিত্ৰ ব্যক্তিত্ব যেনে মহিমা চৌধুৰী, গোলচন গ্ৰ’ভাৰ,  ৰনদীপ হুদা ,  পুনম ধিলন আৰু তথ্য আৰু সম্প্ৰচাৰ মন্ত্ৰালয়ৰ জ্যেষ্ঠ বিষয়াসকলো উপস্থিত আছিল।

Subscribe to EastMojo Assam

Enter your email address to receive notifications of new stories by email.

Join 7,049 other subscribers

Leave a comment

Leave a Reply