নিউজ ডেস্ক: মিজোৰামৰ গৃহ মন্ত্ৰী লালছ্যামলিয়ানাই বিগত বৰ্ষৰ জুলাইত অসম- মিজোৰাম সীমান্তত সৃষ্টি হোৱা ৰক্তাক্ত পৰিস্থিতিৰ বাবে দুখ প্ৰকাশ কৰি ভবিষ্যতে এনে দুর্ভাগ্যজনক ঘটনা সংঘটিত নোহোৱাৰ বাবে মিজোৰাম চৰকাৰে প্রয়োজনীয় ব্যবস্থা গ্রহণ কৰিব।

বৃহস্পতিবাৰে গুৱাহাটীত অসম আৰু মিজোৰামৰ মাজত থকা দীর্ঘদিনীয়া সীমা বিবাদ নিষ্পত্তিৰ বাবে মন্ত্ৰী পৰ্যায়ত অনুষ্ঠিত এখন বৈঠকত অংশগ্ৰহণ কৰি তেওঁ এইদৰে কয়।

ৰাজ্যৰ সীমান্ত সুৰক্ষা আৰু উন্নয়ন বিভাগৰ মন্ত্ৰী অতুল বৰা, বন আৰু পৰিবেশ মন্ত্রী চন্দ্ৰমোহন পাটোৱাৰী উপস্থিত থকা উক্ত বৈঠকত দুয়োখন ৰাজ্যই সীমান্তত শান্তি বৰ্তাই ৰখাত সহমতত উপনীত হয়।

বৈঠকত মিজোৰামৰ গৃহ মন্ত্ৰী লালছামলিয়ানাৰ উপৰি ৰাজ্যিক গৃহ মন্ত্ৰী লালা ৱাটকিমাই অংশগ্ৰহণ কৰা বৈঠকত মিজোৰামে সীমান্তৰ যিসমূহ এলেকা নিজৰ বুলি দাবী কৰি আহিছে উক্ত এলেকাত থকা গাঁৱৰ তালিকা জনগোষ্ঠীসমূহৰ বিশদ বিৱৰণ, ভৌগোলিক তথ্য আদি আনুষংগিক তথ্যসমূহ অহা তিনি মাহৰ ভিতৰত দাখিল কৰাৰ সিদ্ধান্ত গ্ৰহণ কৰা হয়।

মিজোৰাম চৰকাৰে দাখিল কৰা উক্ত তথ্যসমূহ পিছত বিবাদ নিষ্পত্তিৰ বাবে দুয়োখন ৰাজ্যই গঠন কৰিবলগীয়া আঞ্চলিক কমিটীয়ে চালি-জাৰি চাই সমস্যা সমাধানৰ চেষ্টা চলাব। এইক্ষেত্ৰত অসম চৰকাৰে সকলোধৰণৰ সহযোগিতা আগবঢ়াব।

বৈঠকত মিজোৰামৰ তামোলৰ খেতি কৰা কৃষকসকলে অসম তথা দেশৰ অন্যান্য অঞ্চললৈ তামোল পৰিবহণৰ ক্ষেত্ৰত সম্মুখীন হোৱা সমস্যাৰ বিষয়ে উল্লেখ কৰি ৰাজ্যখনৰ প্ৰতিনিধি দলটোৱে এই বিষয়টোৰ সদৰ্ভত তেওঁলোকৰ উদ্বিগ্নতা প্ৰকাশ কৰে। এই সমস্যা নিষ্পত্তিৰ ক্ষেত্ৰত দুয়োখন ৰাজ্যৰ মুখ্যমন্ত্রীয়ে যুটীয়াভাবে আলোচনা কৰি সিদ্ধান্ত গ্ৰহণ কৰিব বুলি বৈঠকত সিদ্ধান্ত লোৱা হয়। একেদৰে আন দেশৰ পৰা অহা তামোলৰ চোৰাং পৰিবহন ৰোধৰ বাবে দুয়োখন ৰাজ্যই শূন্য সহনশীলতা নীতি অনুসৰণ কৰি যাব বুলিও দুয়োখন ৰাজ্যই সিদ্ধান্ত লয়।

লগতে পঢ়ক – Fact-check: মোদীৰ বালি ভ্ৰমণৰ সময়ত “Go Back Modi” প্লেকাৰ্ড প্ৰদৰ্শন?

Subscribe to EastMojo Assam

Enter your email address to receive notifications of new stories by email.

Join 6,877 other subscribers

Leave a comment

Leave a Reply