নিউজ ডেস্কঃ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শর্মাই পবিত্ৰ বিধানসভাৰ মজিয়াত ঘোষণা কৰিছিল যে, মুক্ৰোহ অঞ্চল অসমৰ পশ্চিম কাৰ্বি আংলঙৰ অংশ। কিন্তু মঙলবাৰে হিমন্ত বিশ্ব শর্মা ঘোষণাক প্ৰত্যাহ্বান জনাই মেঘালয়ৰ মুখ্যমন্ত্ৰী কনৰাড চাংমাইও নিজ ৰাজ্যৰ বিধানসভাত মুক্ৰোহ অঞ্চল মেঘালয়ৰ বুলি দাবী কৰে।

মেঘালয় বিধানসভাত মঙলবাৰে বিৰোধী ভি পি পিৰ বিধায়ক এডেলবার্গ নংগ্ৰমৰ এক প্ৰশ্নৰ উত্তৰত চাংমাই কয় যে, মুক্ৰোহ পশ্চিম জয়ন্তীয়া পাৰ্বত্য জিলাৰ অন্তৰ্গত। ৰাজ্যখনৰ শেহতীয়া বিধানসভা নিৰ্বাচনত এই অঞ্চলৰ পোন্ধৰশ ভোটাৰে ভোটদান কৰিছে।

লগতে চাংমাই কয়, মুক্ৰোহ অঞ্চলত মেঘালয়ৰ দুটা ভোট কেন্দ্রও আছে। আৰু মেঘালয়ৰ চৰকাৰৰ অনুমোদন সাপেক্ষে সুলভ মূল্যৰ দোকানৰ লগতে এম জি এনৰেগাৰ পাঁচশ হিতাধিকাৰী এই অঞ্চলত বাস কৰে।

বিগত বৰ্ষত নৱেম্বৰ মাহত এই মুক্ৰোহ অঞ্চলত এক ভয়ংকৰ সংঘৰ্ষত অসম আৰক্ষীৰ গুলীত ছজনকৈ নিৰীহ লোকৰ মৃত্যু হৈছিল। উক্ত ঘটনাৰ সন্দৰ্ভত মঘালয়ৰ চৰকাৰ তৰফৰ পৰা নাটিয়াং থানাত এজাহাৰ দাখিল কৰা হৈছিল।

ইফালে, অসম চৰকাৰ ফালৰ পৰা গুলীচালনাৰ ঘটনাৰ তদন্ত বাবে কেন্দ্ৰীয় সংস্থাক হস্তান্তৰ কৰাৰ সিদ্ধান্ত লয়। লগতে, তৎকালীন ভাৱে গুলীচালনাৰ সময়ত নিয়োগ থকা পশ্চিম কাৰ্বি আংলঙৰ এছ পি ইমদাদ আলীক বদলি কৰি মৃণাল ডেকা এছ পি দায়িত্ব দিয়া হৈছিল।

উল্লেখযোগ্য যে, অসম আৰু মেঘালয়ৰ মাজত ছটা অঞ্চল বিবদমানৰূপে চিহ্নিত। উক্ত অঞ্চলসমূহ আলোচনাৰ মাজেৰে সমস্যা সমাধানৰ উদ্যোগ লোৱাৰ সময়তে মুখ্যমন্ত্ৰী দুজনৰ ভাষ্যক লৈ বিবদমান অঞ্চল কেইটাৰ সমস্যা সমাধান কিমান দূৰ আগবাঢ়িছে সেইয়া বৰ্তমান স্পষ্ট হৈ পৰিছে।

লগতে পঢ়ক – ৬.৬ প্ৰাৱল্যৰ ভূমিকম্পই জোকাৰি গ’ল ভাৰতৰ লগতে বহু কেইখন চুবুৰীয়া দেশত

Subscribe to EastMojo Assam

Enter your email address to receive notifications of new stories by email.

Join 7,059 other subscribers

Leave a comment

Leave a Reply