নিউজ ডেস্কঃ ত্ৰিপুৰা নিৰ্বাচনৰ মুখ্যমন্ত্ৰী পদৰ প্ৰাৰ্থী মানিক সাহা আৰু ৰাজ্যিক বিজেপিৰ সভাপতি ৰাজীৱ ভট্টাচাৰ্যৰ মনোনয় পত্ৰ দাখিলৰ সময়ত সোমবাৰে অসমৰ মুখ্যমন্ত্ৰী তথা নেডাৰ অধ্যক্ষ হিমন্ত বিশ্ব শৰ্মাকো উপস্থিত থকা দেখা গ’ল।  ১৬ ফেব্ৰুৱাৰীত অনুষ্ঠিত হ’বলগীয়া ত্ৰিপুৰা বিধানসভা নিৰ্বাচনৰ বাবে সাহাই পুনৰ টাউন বৰদোৱালীৰ পৰা আৰু ৰাজীৱ ভট্টাচাৰ্যই বনমালিপুৰ বিধানসভা সমষ্টিৰ পৰা প্ৰতিদ্বন্দিতা কৰিব। 

বিজেপি দলৰ এজন জ্যেষ্ঠ নেতাই জনোৱা অনুসৰি, ত্ৰিপুৰা বিধানসভাৰ ৬০ খন আসনৰ ভিতৰত বিজেপিয়ে ৫৫ খন আসন আৰু  মিত্ৰ দল আইপিএফটিয়ে পাঁচখন আসনৰ বাবে প্ৰতিদ্বন্দিতা কৰিব বুলি জানিব পৰা গৈছে। 

ইফালে, তৃণমূল কংগ্ৰেছৰ ৰাজীৱ বেনাৰ্জীয়ে দেওবাৰে ৰাজ্যিক সভাপতি পিজুশ কান্তি বিশ্বাস আৰু সাংসদ সুস্মিতা দেৱৰ উপস্থিতিত ২২ টা বিধানসভা সমষ্টিৰ বাবে দলীয় প্ৰাৰ্থীৰ নাম ঘোষণা কৰে৷ তৃণমূল কংগ্ৰেছৰ প্ৰাৰ্থীসকলেও সোমবাৰে তেওঁলোকৰ মনোনয়ন পত্ৰ দাখিল কৰিব। 

উল্লেখযোগ্য যে, প্ৰাক্তন মুখ্যমন্ত্ৰী বিপ্লব কুমাৰ দেৱে মনোনয়ন দাখিলৰ সময়ত উত্তৰ ত্ৰিপুৰা জিলাৰ ধৰ্মনগৰ উপ-বিভাগৰ দলৰ প্ৰাৰ্থীসকলৰ সৈতে যোৱা দেখা গ’ল।

Subscribe to EastMojo Assam

Enter your email address to receive notifications of new stories by email.

Join 6,839 other subscribers

Leave a comment

Leave a Reply Cancel reply