নিউজ ডেস্কঃ ১৬ ফেব্ৰুৱাৰীত অনুষ্ঠিত হ’ব ত্ৰিপুৰা বিধানসভা নিৰ্বাচন। এই নিৰ্বাচনৰ পূৰ্বে ৰাজ্যখনত বিৰাজ কৰিছে উত্তেজনাময় পৰিৱেশ। 

ৰাজ্যখনৰ বেলোনিয়া আৰু বিশালগড় সমষ্টিত দেওবাৰে পুৱা সংঘৰ্ষৰ সৃষ্টি হয় আৰু তাত কেইবাজনো লোক গুৰুতৰভাৱে আহত হয়।

সূত্ৰ অনুসৰি, বিজেপি আৰু ভাৰতীয় কমিউনিষ্ট পাৰ্টি, মাৰ্ক্সবাদী (চিপিআই-এম)ৰ কৰ্মীসকলৰ মাজত সংঘৰ্ষৰ সৃষ্টি হয়। এই সংঘৰ্ষত কংগ্ৰেছ দলৰ কেইবাজনো কৰ্মী জড়িত আছে বুলিও সূত্ৰযোগে জানিব পৰা গৈছে।

এই সংঘৰ্ষত প্ৰায় ১০জন লোক আহত হৈছে । বিজেপি কৰ্মীসকলে বেলোনিয়াত চিপিআই-এমৰ এটা প্ৰচাৰ অভিযানত প্ৰৱেশ কৰিছিল, তাৰ পাছতে গেৰুৱা দলটোৰ পাঁচজন কৰ্মীও আহত হয়।

ইফালে, বিশালগড়ত বিজেপিৰ কৰ্মীসকলৰ আক্ৰমণত পাঁচজন কংগ্ৰেছ কৰ্মী আঘাতপ্ৰাপ্ত হৈছে। সংঘৰ্ষত আঘাতপ্ৰাপ্ত লোকসকলক বৰ্তমান চিকিৎসালয়ত চিকিৎসাধীন অৱস্থাত আছে।

Subscribe to EastMojo Assam

Enter your email address to receive notifications of new stories by email.

Join 6,855 other subscribers

Leave a comment

Leave a Reply Cancel reply