বৃহস্পতিবাৰে চুৰাটৰ এখন আদালতে কংগ্ৰেছ নেতা ৰাহুল গান্ধীক “মোডীৰ উপাধি” সন্দৰ্ভত কৰা মন্তব্যৰ বাবে তেওঁৰ বিৰুদ্ধে এক ফৌজদাৰী মানহানিৰ গোচৰত দোষী সাব্যস্ত কৰিছে।

২০১৯ চনৰ ১৩ এপ্ৰিলত কৰ্ণাটক কোলাৰত অনুষ্ঠিত হোৱা এক ৰাজহুৱা সভাত কংগ্ৰেছ নেতা গৰাকীয়ে মোডীৰ বিৰুদ্ধে এক বিৰ্তকিত মন্তব্য কৰিছিল।

তেওঁ কৈছিল যে- ”নীৰৱ মোডী, ললিত মোডী,নৰেন্দ্ৰ মোডীৰ উপাধি কিয় একে? কিয় প্ৰতিটো চোৰৰ উপাধি মোডী হয়? ”

ৰাহুল গান্ধীৰ এই মন্তব্যৰ পাছতেই ভাৰতীয় জনতা পাৰ্টিৰ(BJP) নেতা তথা বিধায়ক তথা গুজৰাটৰ প্ৰাক্তন মন্ত্ৰী পূৰ্ণেশ মোডীয়ে এটা অভিযোগ দাখিল কৰিছিল।

গান্ধীৰ অধিবক্তা কিৰিট পানৱালাই কয় যে মুখ্য ন্যায়িক দণ্ডাধীশ এইচ বাৰ্মাৰ আদালতে যোৱা সপ্তাহত দুয়োপক্ষৰ যুক্তিৰ চূড়ান্ত শুনানি অনুষ্ঠিত কৰিছিল আৰু ৰায় ঘোষণাৰ তাৰিখ ২৩ মাৰ্চ নিৰ্ধাৰণ কৰিছিল। গোচৰটো ভাৰতীয় দণ্ডবিধিৰ ৪৯৯ আৰু ৫০০ (মানহানি) ধাৰাৰ অধীনত পঞ্জীয়ন কৰা হৈছিল।

চাৰি বছৰ পুৰণি এই গোচৰটোৰ শুনানিৰ সময়চোৱাত আজি আদালতত ৰাহুল গান্ধী উপস্থিত থাকে। তেওঁৰ লগতে গুজৰাটৰ কেইবাগৰাকীও জ্যেষ্ঠ কংগ্ৰেছ নেতা আদালতত উপস্থিত হয়। আদালতে তেখেতক ২বছৰৰ কাৰাদণ্ড বিহিলে।

জানিব পৰা মতে, ৰাহুল গান্ধীয়ে তেওঁৰ বক্তব্য লিপিবদ্ধ কৰিবলৈ ২০২১ চনৰ অক্টোবৰত চুৰাট আদালতত হাজিৰ হৈছিল।

Subscribe to EastMojo Assam

Enter your email address to receive notifications of new stories by email.

Join 7,049 other subscribers

Leave a comment

Leave a Reply