নিউজ ডেস্কঃ ২ মাৰ্চত উত্তৰ-পূৰ্বৰ তিনি ৰাজ্যৰ নিৰ্বাচনী ফলাফল ঘোষণা কৰা হ’ল। নাগালেণ্ড আৰু ত্ৰিপুৰাৰ নিৰ্বাচনী ৰিজাল্ট ওলাল কিন্তু মেঘালয়ৰ হে কোনো ফলাফল নোলাল। মেঘালয়ত চৰকাৰ গঠনৰ বাবে মুঠ ৬০ টা আসনৰ ভিতৰত ৩১ টা আসন জয়ী হ’ব লাগে কিন্তু কোনো দলে ৰাজ্যখনৰ মেজিক নম্বৰে স্পৰ্শ কৰিব নোৱাৰিলে।

কনৰাড চাংমাৰ এনপিপি দলে মাত্ৰ ২৭ টা সমষ্টি জয়ীৰে মেঘালয়ৰ চৰকাৰ গঠনৰ পৰা কিছু দূৰৈত ৰৈ গৈছিল। আৰু মাত্ৰ ৪ খন আসন হ’লেই চৰকাৰ গঠন কৰিব পাৰে।

নিৰ্বাচনী প্ৰচাৰৰ সময়ত যি কনৰাড চাংমাই বিজেপিৰ অমিত শ্বাহৰ পৰা আদি কৰি সৰ্বানন্দ সোণাৱাল, হিমন্ত বিশ্ব শৰ্মা সকলোকে তীব্ৰ সমালোচনা কৰিছিল এতিয়া সেই দলেকে সহায় বিচাৰিল চৰকাৰ গঠন কৰিবলৈ। তাৰ পিছত চাংমাই সমৰ্থন পালে এইচএচবিপি আৰু দুজন নিৰ্দলীয় বিধায়ক।

অৰ্থাৎ এনপিপি য়ে বিজেপি, এইচএচবিপি আৰু দুজন নিৰ্দলীয় বিধায়কৰ সমৰ্থন লাভ কৰি মেঘালয়ত চৰকাৰ গঠন কৰিবলৈ তৈয়াৰ হৈছে।

৭ মাৰ্চত দ্বিতীয়বাৰৰ বাবে মুখ্যমন্ত্ৰী হিচাপে শপত ল’বলৈ শুক্ৰবাৰে কনৰাড চাংমাই ৰাজ্যপাল ফাগু চৌহানৰ ওচৰত সমৰ্থন লাভ কৰা ৩২ বিধায়কৰ নামৰ তালিকা দাখিল কৰে।

উল্লেখযোগ্য যে, যি বিজেপি আৰু এনপিপি নিৰ্বাচনী প্ৰচাৰৰ সময়ত শত্ৰু আছিল সেইয়া এতিয়া বন্ধুত্বৰ ৰূপ লৈছে। নিৰ্বাচনী ফলাফলৰ আগদিনা (১ মাৰ্চ,২০২৩) হিমন্ত বিশ্ব শৰ্মাৰ সৈতে কনৰাড চাংমাৰ গোপন বৈঠকে সকলো স্পষ্ট কৰি দিছিল যে এইয়া কেৱল ভোট লাভৰ বাবে ৰাইজৰ চকু ধূলি দিয়া এক কৌশল আছিল নিৰ্বাচনী প্ৰচাৰত। এক কথাত ক’বলৈ গ’লে নেডাৰ অধ্যক্ষ হিচাপে আজিৰ সময়ত হিমন্ত বিশ্ব শৰ্মা এজন সফল নেতা । বাকী জনগণ যিয়ে নকওঁক কিয় কিন্তু বিজেপিৰ শীৰ্ষ নেতা উত্তৰ পূৰ্বত বিজেপিৰ যি দখল সেয়াক লৈ সকলো সুখী।

Subscribe to EastMojo Assam

Enter your email address to receive notifications of new stories by email.

Join 6,839 other subscribers

Leave a comment

Leave a Reply Cancel reply