চলিত বৰ্ষত ভাৰতৰ অধ্যক্ষতাৰে আয়োজিত জি-২০ৰ প্ৰতি সজাগতা সৃষ্টিৰ উদ্দেশ্য আগত ৰাখি অল ইণ্ডিয়া ৰেডিঅ’, গুৱাহাটীয়ে বিগত ৪ মাৰ্চত আয়োজন কৰা জি-২০ বিষয়ক অনলাইন কুইজ প্ৰতিযোগিতাৰ বিজয়ীসকলক আজি পুৰস্কৃত কৰাৰ লগতে সম্বৰ্ধনা জনোৱা হয়।
উল্লেখ্য যে এই অনলাইন কুইজত প্ৰায় ৩০০ গৰাকী প্ৰতিযোগীয়ে অংশগ্ৰহণ কৰে। ইয়াৰ মাজৰ পৰা ৫ গৰাকী প্ৰতিযোগীক বিজয়ী হিচাপে নিৰ্বাচিত কৰা হয়।
আজি উত্তৰ পূৱ মণ্ডল গুৱাহাটীৰ সঞ্চালক প্ৰধানৰ কাৰ্যালয়ত তথ্য আৰু সম্প্ৰচাৰ মন্ত্ৰালয়ৰ উত্তৰ-পূৱ মাণ্ডলিক সঞ্চালক প্ৰধান শ্ৰী বি নাৰায়ণনে বিজয়ীসকলক পুৰস্কৃত কৰাৰ লগতে সম্বৰ্ধনা জনায়।
এই প্ৰতিযোগিতাত বিজয়ীসকল ক্ৰমে টিহুৰ হৃষিকেশ দাস, গুৱাহাটীৰ অৰূপ কলিতা, লখিমপুৰৰ প্ৰদীপ সন্দিকৈ, বাক্সাৰ অমল কলিতা, আৰু নলবাৰীৰ পৰা ভৱজিৎ ভট্টাচাৰ্য। এই সম্বৰ্ধনা অনুষ্ঠানত অল ইণ্ডিয়া ৰেডিঅ’, পিআইবি, আৰু চিবিচি গুৱাহাটীৰ বিষয়া-কৰ্মচাৰীসকলো উপস্থিত থাকে।