নিউজ ডেস্কঃ এইবাৰ ১৫ আগষ্টত অৰুণাচল প্ৰদেশৰ পূব কামেং জিলাৰ দুৰ্গম গাওঁসমূহলৈ ড্ৰোনৰ সহায়ত ঔষধ যোগান ধৰিব চৰকাৰে। “Medicine from the Sky” আঁচনিৰ জৰিয়তে অৰুণাচল চৰকাৰে বিশ্ব অৰ্থনৈতিক মঞ্চৰ সহযোগত পৰীক্ষামূলক ভিত্তিত পূব কামেং জিলালৈ ড্ৰোনৰ জৰিয়তে ঔষধ প্ৰেৰণৰ প্ৰক্ৰিয়া আৰম্ভ কৰিবলৈ সাজু হৈছে।

পাহাৰীয়া ৰাজ্য অৰুণাচল প্ৰদেশৰ বহুতো গাওঁ দুৰ্গম অঞ্চলত অৱস্থিত। এই গাঁও সমূহলৈ যানবাহন চলাচল কৰিব নোৱাৰা ফলত গাঁৱবাসীয়ে খোজকাঢ়ি পাহাৰ আৰু জংঘল পাৰ হৈ চহৰলৈ আহিব লাগে। এই সমূহ গাঁৱলৈ স্থলসেৱাৰ জৰিয়তে ঔষধ বিতৰণ কৰাটোও চৰকাৰৰ বাবে সম্ভৱ নহয়। সেয়েহে, প্ৰেমা খাণ্ডু চৰকাৰে WEF ৰ সৈতে ড্ৰোনৰ জৰিয়তে ঔষধ প্ৰেৰণৰ বাবে এক চুক্তি স্বাক্ষৰ কৰিছে। কিন্তু প্ৰক্ৰিয়াটো সহজ নহয়। গতিকে পৰীক্ষামূলক ভাৱে প্ৰথমে পূব কামেং জিলাত এই আঁচনি আৰম্ভ কৰিব আৰু তাৰ পিছত, ক্ৰমান্বয়ে সমগ্ৰ ৰাজ্যত আৰম্ভ কৰিব ।

পূব কামেং জিলা দণ্ডাধীশ Pravimal Abhishek Polumatlaই কৈছিল যে বৰষুণৰ বতৰত পাহাৰীয়া অঞ্চলত উপস্থিত হোৱাটো কঠিন। সেয়েহে, যদি ড্ৰোনৰ জৰিয়তে ঔষধ প্ৰেৰণ কৰা হয়, তাত স্বাস্থ্য খণ্ডত এক যুগান্তকাৰী পৰিৱৰ্তন হ’ব পাৰে।

জিলা সদৰ চেপ্পাক কেন্দ্ৰ কৰি ড্ৰোন সহায়ত ঔষধ যোগানৰ স্বাস্থ্যসেৱা উত্তৰ-পূবত প্ৰথম আৰম্ভ হ’ব।ই এৰিয়েল হাব হিচাপে কাম কৰিব আৰু spoke network হিচাপে জিলাখনৰ প্ৰাথমিক আৰু সামূহিক স্বাস্থ্যসেৱা কেন্দ্ৰসমূহক চেপ্পাৰ জিলা স্বাস্থ্য বিন্দু আৰু পৰীক্ষাগাৰৰ সৈতে সংযোগ কৰিব।

ঔষধ প্ৰেৰণ কৰাৰ উপৰিও বিভিন্ন পৰীক্ষাৰ নমুনা সংগ্ৰহ, ফলাফল প্ৰেৰণ, ভেকছিন প্ৰেৰণৰ বাবেও ড্ৰোন ব্যৱহাৰ কৰা হ’ব বুলি জিলা দণ্ডাধীশ Pravimal Abhishek Polumatla-এ উল্লেখ কৰে। এই সেৱাৰ জৰিয়তে কম সময় লাগিব আৰু ব্যয়ও হ্ৰাস হ’ব। প্ৰকল্পটোৰ বিষয়ে মানুহক সজাগ কৰিবলৈ পাহাৰীয়া গাওঁবোৰত সজাগতা শিবিৰৰ আয়োজন কৰা হৈছে। ইয়াৰ বাবে এজন ‘‘Drone Ambassadors’,নিযুক্ত কৰা হৈছে।

Subscribe to EastMojo Assam

Enter your email address to receive notifications of new stories by email.

Join 7,013 other subscribers

Leave a comment

Leave a Reply