নিউজ ডেস্ক- উত্তৰ-পূব সীমান্ত ৰে’লৱেৰ অধীনত বৈদ্যুতিকৰণৰ কাম দ্ৰুত গতিত আগবাঢ়িছে। ইয়াৰ মূল উদ্দেশ্য হৈছে ২০৩০ চনৰ ভিতৰত ভাৰতীয় ৰে’লৱেৰ মুঠ শূন্য কাৰ্বন নিৰ্গমনৰ লক্ষ্য প্ৰাপ্ত কৰা।
উত্তৰ-পূব সীমান্ত ৰে’লৱেৰ জন সংযোগ বিষয়াৰ মুৰব্বী সবিয়াসাচী দেই কয় যে এনএফ ৰে’লৱেৰ অধীনত থকা প্ৰায় ১৬৬১.৮৩ কিলোমিটাৰৰ ৰে’লপথৰ বৈদ্যুতিকৰণ কাম ২০১৪ ৰ পৰা আৰম্ভ কৰা হৈছে। বৈদ্যুতিকৰণ কাম ২০২৩ চনৰ শেষৰ ফালে কাম লম্পূৰ্ণ কৰাৰ লক্ষ্য কৰি লোৱা হৈছে।
তেওঁ কয়, “বৈদ্যুতিকৰণে উত্তৰ-পূব ভাৰতত ৰে’লৰ যথেষ্ট উন্নত গতিশীলতা প্ৰদান কৰিব। বৈদ্যুতিকৰণে পৰিবহনৰ এক বহনক্ষম আৰু দক্ষ পদ্ধতি আগবঢ়ায় যিয়ে ৰেলপথক পৰিৱেশ প্ৰদূষণৰ পৰা মুক্ত কৰাৰ লগতে জীৱাশ্ম ইন্ধনৰ ওপৰত ইয়াৰ নিৰ্ভৰশীলতা নাইকিয়া কৰে।”
লগতে তেওঁ কয়, “ভাৰতীয় ৰে’লৱেই ২০৩০ চনৰ ভিতৰত শূন্য কাৰ্বন নিৰ্গমনৰ সৈতে বিশ্বৰ সৰ্ববৃহৎ সেউজ ৰেলপথ হোৱাৰ লক্ষ্য নিৰ্ধাৰণ কৰিছে। ই ইতিমধ্যে ১৪ খন ৰাজ্য আৰু কেন্দ্ৰীয় শাসিত অঞ্চলত ১০০% ৰে’ল বৈদ্যুতিকৰণ প্ৰাপ্ত কৰিছে, যি এই উচ্চাকাংক্ষী লক্ষ্য প্ৰাপ্ত কৰাৰ দিশত গুৰুত্বপূৰ্ণ পদক্ষেপ গ্ৰহণ কৰিছে।”
আনহাতে, উত্তৰ-পূব সীমান্ত ৰে’লৱেই বিগত বৰ্ষত ঘোষণা কৰি কৈছিল ২০২৩ চনৰ ভিতৰত উত্তৰ-পূবৰ তিনিখন ৰাজ্য – মণিপুৰ, মিজোৰাম আৰু মেঘালয় আৰু ২০২৬ চনৰ ভিতৰত নাগালেণ্ডৰ ৰাজধানী কোহিমাক সংযোগ কৰি ২১ টা প্ৰকল্প সম্পাদন কৰিবলৈ ৯৫,২৬১ কোটি টকাৰ অধিক বিনিয়োগ কৰিব।