ভাৰতৰ জি-২০ অধ্যক্ষতাৰ অধীনত কালি মেঘালয়ৰ শ্বিলঙত জি-২০ মহাকাশ অৰ্থনীতি নেতৃত্বৰ বৈঠকৰ (এছইএলএম) পূৰ্বসূৰী বৈঠক আৰম্ভ হয়। দুদিনীয়া অনুষ্ঠানটোৰ কেন্দ্ৰবিন্দু হৈছে ইছৰ’ আৰু মহাকাশ বিভাগৰ সকলো সামৰ্থ্য প্ৰদৰ্শন কৰা আৰু ভৱিষ্যতৰ বৈজ্ঞানিক অভিযানত সহযোগিতা প্ৰদান কৰা।

হোটেল ক’ৰ্টয়াৰ্ড বাই মেৰিয়টৰ প্ৰাংগনত অনুষ্ঠিত বৈঠকখনৰ উদ্বোধনী কাৰ্যসূচীত মেঘালয়ৰ মুখ্যমন্ত্ৰী কনৰাড কে চাংমা, কেন্দ্ৰীয় ৰাজ্যিক মন্ত্ৰী (বিত্ত) পংকজ চৌধুৰী, কেন্দ্ৰীয় ৰাজ্যিক (স্বতন্ত্ৰ) বিজ্ঞান আৰু প্ৰযুক্তি মন্ত্ৰী ড০ জিতেন্দ্ৰ সিং (ভাৰ্চুৱেলি), জি২০ শ্বেৰ্পা শ্ৰী অমিতাভ কান্ত, মহাকাশ বিভাগৰ সচিব (ডিঅ’এছ) সোমনাথ এছ,ইন-স্পেচৰ অধ্যক্ষ ড° পৱন কুমাৰ গোৱেংকাকে ধৰি  অন্যান্য গণ্যমান্য ব্যক্তিসকল উপস্থিত থাকে ৷

কেন্দ্ৰীয় বিত্ত ৰাজ্যিক মন্ত্ৰী শ্ৰী পংকজ চৌধুৰীয়ে তেওঁৰ ভাষণত কয়, ভাৰতীয় অৰ্থনীতি দ্ৰুত গতিত বৃদ্ধি পাইছে আৰু এই বিকাশত মুখ্য অৱদান নতুন মহাকাশ খণ্ডৰ পৰা হোৱা বুলি উল্লেখ কৰে। মহাকাশ কাৰ্যকলাপসমূহ দায়িত্বশীলভাৱে পৰিচালনা কৰাৰ প্ৰয়োজনীয়তাৰ ওপৰত গুৰুত্ব আৰোপ কৰি তেওঁ কয় যে মহাকাশ অৰ্থনীতিক অধিক ইন্ধন যোগোৱাৰ বাবে নতুন মহাকাশৰ প্ৰচাৰৰ বাবে প্ৰচেষ্টা লোৱা হৈছে।  যিহেতু সকলো জি-২০ সদস্যই মহাকাশ সংস্থা আৰু উদ্যোগ স্থাপন কৰিছে, দেশখনেও সাম্ভাৱ্য মিত্ৰতাৰ বাবে প্ৰত্যক্ষ কৰা উচিত।

ড০ জিতেন্দ্ৰ সিঙে উদ্বোধনী অধিৱেশনখনত ভাৰ্চুৱেলী উপস্থিত থাকি কয় যে ভাৰতৰ মহাকাশ খণ্ডৰ ক্ষেত্ৰত গুৰুত্বপূৰ্ণ অগ্ৰগতি হৈছে। তেওঁ কয়, “যোৱা কেইবছৰমানৰ পৰা মহাকাশ প্ৰযুক্তিয়ে জীৱনৰ সকলো ক্ষেত্ৰতে প্ৰভাই পেলাইছে, ইয়াৰ ফলস্বৰূপে মহাকাশ আধাৰিত সেৱাৰ যথেষ্ট চাহিদা বৃদ্ধি পাইছে যাৰ বৃহৎ বাণিজ্যিক সম্ভাৱনাই দেখা দিছে। ভাৰতীয় মহাকাশ আৰু গৱেষণা সংস্থা (ইছৰ’)ৰ ক্ষেত্ৰত, ই মহাকাশ আধাৰিত সেৱাৰ চাহিদা পূৰণ কৰিবলৈ  প্ৰচেষ্টা চলাই আহিছে আৰু একে সময়তে ই নতুন প্ৰযুক্তি তথা নতুন প্ৰয়োগ বিকাশৰ বাবে গৱেষণাত মনোনিৱেশ কৰাৰ প্ৰয়োজনীয়তাও উপলব্ধি কৰিছে।” “প্ৰধানমন্ত্ৰী মোদীৰ নেতৃত্বত চৰকাৰে ২০২০ চনৰ মহাকাশ খণ্ডৰ সংস্কাৰৰ জৰিয়তে ভাৰতীয় ব্যক্তিগত উদ্যোগৰ বাবে মহাকাশ খণ্ড মুকলি কৰাৰ সিদ্ধান্ত লৈছিল যাতে মহাকাশ কাৰ্যকলাপৰ সমাপনৰ বাবে ব্যক্তিগত উদ্যোগসমূহৰ অংশগ্ৰহণ বৃদ্ধি হয়। ব্যক্তিগত উদ্যোগৰ অংশগ্ৰহণ বৃদ্ধিৰ ফলত অৱশেষত বিশ্ব মহাকাশ অৰ্থনীতিত ভাৰতৰ অৱদান বৃদ্ধি পাব”, তেওঁ লগতে এইবুলি কয়।

মেঘালয়ৰ মুখ্যমন্ত্ৰী কনৰাড কে চাংমাই তেওঁৰ ভাষণত প্ৰধানমন্ত্ৰীয়ে সমগ্ৰ দেশতে জি-২০ কাৰ্যসূচী অনুষ্ঠিত কৰাৰ সিদ্ধান্তত কৃতজ্ঞতা প্ৰকাশ কৰি কয়, “যদি আমি মহাকাশ প্ৰযুক্তি আৰু অৰ্থনীতিৰ ওপৰত আজি আলোচিত বিষয়বস্তুলৈ লক্ষ্য কৰো আৰু এয়া শ্বিলঙত অনুষ্ঠিত হোৱাৰ ক্ষণটোত মই সঁচাকৈয়ে অতি সৌভাগ্যৱান অনুভৱ কৰিছো।’’

চাংমাই কয় যে সাম্প্ৰতিক সময়ত ভাৰতে বৃহৎ সংখ্যক সংস্কাৰ প্ৰত্যক্ষ কৰিছে আৰু সামগ্ৰিকভাৱে দেশখন আগবাঢ়ি যোৱাৰ সময়ত উত্তৰ-পূব ভাৰত আৰু মেঘালয়ৰ দৰে ৰাজ্য যি অৰ্থনৈতিকভাৱে পূৰ্বে বিকশিত নাছিল, তেওঁলোকে এই মহান ৰাষ্ট্ৰৰ অৰ্থনৈতিক বিকাশ আৰু সফলতাৰ অংশ হ’বলৈ সক্ষম হৈছে।

জি-২০ শ্বেৰ্পা শ্ৰী অমিতাভ কান্তে তেওঁৰ ভাষণত কয় যে ভাৰতে দৃঢ়ভাৱে বিশ্বাস কৰে যে এক গোলকীয় সম্প্ৰদায় হিচাপে দেশখনে অন্তিমটো সীমালৈ এই যাত্ৰাত এক হিচাপে চিন্তা কৰিব লাগিব তথা কাম কৰিব লাগিব। তেওঁ মহাকাশলৈ যোৱা প্ৰথম ভাৰতীয় নাগৰিক উইং কামাণ্ডাৰ ৰাকেশ শৰ্মাই উল্লেখ কৰা মন্তব্যৰ কথা আলোকপাত কৰি কয়- “মহাকাশলৈ যোৱা যিকোনো ব্যক্তিয়ে প্ৰথমে নিজৰ দেশক চোৱাৰ চেষ্টা কৰিছিল, কিন্তু দেখা যায় যে দেশ আৰু সমগ্ৰ বিশ্বৰ মাজত কোনো সীমা নাই, ই এনে এটা পৰিয়াল য’ত আমাৰ ভাগ্য সমন্বিত কৰা হৈছে।” তেওঁ প্ৰতিনিধি আৰু অংশগ্ৰহণকাৰীসকলক ভাৰতৰ জি-২০ অধ্যক্ষতাত “বসুধৈৱ কুটুম্বকম” বা “এক পৃথিৱী, এটা পৰিয়াল, এক ভৱিষ্যত”ৰ বিষয়বস্তুত কেনেদৰে প্ৰতিফলিত হৈছে সেয়া বিবেচনা কৰিবলৈ এটা মুহূৰ্ত চিন্তা কৰাৰ বাবে আহ্বান জনায়।”

ইছৰ’ৰ অধ্যক্ষ শ্ৰী সোমনাথ এছ-য়ে তেওঁৰ ভাষণত উত্তৰ-পূব মহাকাশ প্ৰয়োগ কেন্দ্ৰৰ কাৰ্যকলাপৰ প্ৰশংসা কৰে আৰু কয় যে ই বিভিন্ন বিষয়ত এই অঞ্চলৰ সমস্যাসমূহৰ প্ৰতি বিশেষভাৱে লক্ষ্য ৰাখিছে। অধ্যক্ষগৰাকীয়ে আশা প্ৰকাশ কৰে যে আজি সকলোৱে কৰা প্ৰচেষ্টাই ফলপ্ৰসূ ফলাফল লাভ কৰিব আৰু আমাৰ প্ৰতিখন ৰাষ্ট্ৰৰ বিভিন্ন স্তৰত মহাকাশ সম্প্ৰদায়ক সহায় কৰিব। জি-২০ৰ শক্তিৰ ওপৰত গুৰুত্ব আৰোপ কৰি তেওঁ কয় যে মানৱজাতিৰ হিতৰ বাবে মহাকাশ প্ৰয়োগে বহুতো সম্ভাৱনাৰ সৃষ্টি তথা এক অৰ্থনৈতিক অৱদানকাৰীৰ ভূমিকা পালন কৰিব পাৰে আৰু বিশ্ব অৰ্থনীতিক লাভান্বিত কৰিব পাৰে। মহাকাশ প্ৰযুক্তিৰ বিকাশৰ বাবে ৰাষ্ট্ৰসমূহৰ মাজত সহযোগিতাৰ প্ৰয়োজনীয়তা আৰু ইয়াৰ প্ৰয়োগৰ বিষয়ে উল্লেখ কৰি তেওঁ কয় যে এই সকলো ৰাষ্ট্ৰৰ মাজত যথেষ্ট দ্বিপাক্ষিক সম্পৰ্ক আছে আৰু এই সম্পৰ্কবোৰ অধিক শক্তিশালী কৰা উচিত।

মহাকাশ অৰ্থনীতিৰ দ্বিতীয় অধিৱেশনত ইন স্পেচৰ অধ্যক্ষ ড০ পৱন কুমাৰ গোয়েংকাই পৰিচালনা কৰে আৰু এই অধিৱেশনত “ভাৰতীয় মহাকাশ নীতিৰ পৰিকাঠামো আৰু ভৱিষ্যতৰ দৃষ্টিভংগী বিকশিত কৰা” সম্পৰ্কে অন্তৰ্দৃষ্টিপূৰ্ণ আলোচনা কৰা হয়। পেনেলখনত প্ৰাসংগিক ক্ষেত্ৰসমূহৰ অন্যান্য বিশিষ্ট নেতাসকলে অংশগ্ৰহণ কৰে আৰু তেওঁলোকে মহাকাশ অৰ্থনীতিৰ বাবে পৰিকাঠামো, নতুন মহাকাশ আৰু বহনক্ষম তথা সুৰক্ষিত মহাকাশ অভিযানৰ দায়িত্ব, জি-২০ দেশসমূহত নতুন মহাকাশ অৰ্থনীতি আৰু সহযোগিতাৰ সুযোগ আদিৰ দৰে বিভিন্ন বিষয়ৰ ওপৰত আলোচনা কৰে।

উল্লেখ্য, আৰ্জেণ্টিনা, অষ্ট্ৰেলিয়া, ফ্ৰাঞ্চ, দক্ষিণ কোৰিয়া, মেক্সিকো, তুৰ্কী, আমেৰিকা যুক্তৰাজ্য, ওমান, ভূটান, শ্ৰীলংকা, চীন, ৰাছিয়া, নেডাৰলেণ্ড, জাৰ্মানী, ইণ্ডোনেছিয়া আৰু ব্ৰিটেইনৰ পৰা জি-২০ আৰু অতিথি দেশৰ ২৮ জন প্ৰতিনিধিয়ে এই বৈঠকত অংশগ্ৰহণ কৰে। বিশিষ্ট আন্তঃৰাষ্ট্ৰীয় আৰু ৰাষ্ট্ৰীয় বিশেষজ্ঞসকলেও আলোচনাত অংশগ্ৰহণ কৰে।

মহাকাশ অৰ্থনীতি খণ্ডৰ ষ্টাৰ্টআপবোৰে পূৰ্বসূৰী অনুষ্ঠানত অংশগ্ৰহণ কৰি তেওঁলোকৰ সামগ্ৰীবোৰ প্ৰদৰ্শন কৰে।লগতে মহাকাশ অৰ্থনীতি আৰু সন্মুখীন হোৱা প্ৰত্যাহ্বানৰ প্ৰচেষ্টাৰ বিষয়ে আলোচনা কৰ হয় । ইয়াৰে কিছুমান হৈছে আলফা ডিজাইন, ছেটচিউৰ, ৱানৱেব, ডাটা পেটাৰ্ণ, চেণ্টাম আজিষ্টা এৰোস্পেচ, কেলিচ, এলএণ্ডটি, স্কাইচাৰ্ভ, অনন্ত টেকন’লজীছ, অগ্নিকুল, দিগন্তৰা, পিক্সেল আৰু ধ্ৰুৱ স্পেচ।

Subscribe to EastMojo Assam

Enter your email address to receive notifications of new stories by email.

Join 7,060 other subscribers

Leave a comment

Leave a Reply