গুৱাহাটীঃ গুৰুগ্ৰামৰ The Leela Ambienceত প্ৰথমবাৰৰ বাবে অনুষ্ঠিত ‘ET Hospitality World Restaurants and Nightlife Awards’ অনুষ্ঠানত গুৱাহাটীস্থিত ৰেষ্টুৰেণ্ট ‘Piazza’ এ ২০২২ বৰ্ষৰ ‘Best Standalone Restaurant 2022-East’  বঁটা লাভ কৰে।

এক কঠোৰ প্ৰক্ৰিয়াৰ মাজেৰে সমগ্ৰ দেশৰ শ্ৰেষ্ঠ ৰেষ্টুৰেণ্ট আৰু বাৰসমূহক নিৰ্বাচন কৰা হয় আৰু শ্ৰেষ্ঠ খনক এই স্বীকৃতি প্ৰদান কৰা হয়।

নগালেণ্ডৰ কেৰেন য়েপথ’মিৰ বিখ্যাত Dzukou Tribal Kitchen’ এ ‘Best Regional Standalone-North’ বঁটা লাভ কৰে। Dzukou Tribal Kitchen দিল্লীস্থিত এখন জনপ্ৰিয় নগা ৰেষ্টুৰেন্ট। এই ৰেষ্টুৰেন্টখনত নগা খাদ্যৰ বাবে প্ৰয়োজনীয় উপাদান সমূহ  নগালেণ্ডৰ পৰা অনা হয়।

এইবাৰৰ গ্ৰেণ্ড জুৰীত চেলিব্ৰিটি চেফ তথা ৰেষ্টুৰেণ্টৰ মালিক ৰণবীৰ ব্ৰাড় আৰু চেলিব্ৰিটি চেফ কুণাল কাপুৰকে ধৰি অন্যান্যসকলো আছিল।

Piazzaৰ প্ৰতিষ্ঠাপক তথা স্বত্বাধিকাৰী বিনয় চামাৰিয়াই অসমবাসীলৈ এই বঁটা উচৰ্গা কৰি কয় যে আমি জয়ী হ’ম বুলি আশা কৰা নাছিলো। কাৰণ আমি দেশৰ আগশাৰীৰ শ্ৰেষ্ঠ প্ৰতিযোগী সকলৰ লগত আছিলো। এই বঁটা বিশেষ কাৰণ ই আমাৰ নম্ৰতা আৰু গ্ৰাহক সেৱাৰ প্ৰতি থকা বিশ্বাসক শক্তিশালী কৰে। ২০২৩ চনৰ মাজভাগত আমি গোৱাত দ্বিতীয়টো আউটলেট খুলিম।

২০১৮চনত স্থাপন হোৱা এই ৰেষ্টুৰেন্টখনে প্ৰতিষ্ঠা হোৱাৰ পাছৰে পৰা ৭টা ৰাষ্ট্ৰীয় আৰু আঞ্চলিক বঁটা লাভ কৰিবলৈ সক্ষম হৈছে । এই ৰেষ্টুৰেণ্টখনে ২০২১চনত ‘Best Standalone Restaurant’ বঁটা আৰু ২০২০ চনত Guwahati Food Awards’টো বিজয়ী হৈছিল।

Subscribe to EastMojo Assam

Enter your email address to receive notifications of new stories by email.

Join 6,841 other subscribers

Leave a comment

Leave a Reply Cancel reply