বৃহস্পতিবাৰে ‘বাৰিস পঞ্জাৱ দে’ সংগঠনৰ মুৰব্বী অমৃতপালৰ সমৰ্থকসকলে তেওঁলোকৰ এজন সহযোগী লাভপ্ৰীত টুফানক গ্ৰেপ্তাৰ কৰাৰ প্ৰতিবাদত আজনালা আৰক্ষী থানাৰ বাহিৰত প্ৰতিবাদ সাব্যস্ত কৰে।  

জানিব পৰা মতে, তেওঁলোকে আজনালা আৰক্ষী থানাৰ সন্মুখত এক হুলস্থূলীয়া পৰিৱেশৰো সৃষ্টি কৰে। আৰু এই সময়ছোৱাতে ছয়জন আৰক্ষী গুৰুতৰভাৱে আহত হয়।

 ইফালে, কেন্দ্ৰীয় গৃহমন্ত্ৰী অমিত শ্বাহক অমৃতপাল সিঙে পোনপটীয়াকৈ ভাবুকি প্ৰদান কৰে।

অমৃতপাল সিঙে কয় যে ,“অমিত শ্বাহে কৈছিল যে তেওঁ খালিস্তান আন্দোলনক আগুৱাই নিব নিদিয়ে। কিন্তু  ইন্দিৰা গান্ধীয়েও তেনে ভুল কৰিছিল আৰু যদি আপুনিও এনে কৰে, তেনেহলে আপুনি ইয়াৰ ফল ভুগিব লাগিব।

যদি গৃহমন্ত্ৰীয়ে হিন্দু ৰাষ্ট্ৰ দাবী কৰা সকলৰ বাবে একেই কথা কয়, তেতিয়া হ’লে ময়ো চাম যে তেওঁ গৃহমন্ত্ৰী হিচাপে সেই পদ অব্যাহত ৰাখিব পাৰিব নে নোৱাৰে”।

আনহাতে, তেওঁ কয় যে যদি হিন্দুধৰ্মালম্বী লোকসকলে যদি হিন্দু ৰাষ্ট্ৰ দাবী কৰিব পাৰে, তেনেহলে আমি খালিস্তানৰ দাবী কিয় কৰিব নোৱাৰো।

উল্লেখ্য যে, প্ৰাক্তন প্ৰধানমন্ত্ৰী ইন্দিৰা গান্ধীয়ে খালিস্তানৰ বিৰোধিতা কৰিছিল যাৰ বাবে তাৰ ফল তেওঁ ভুগ কৰিব লগা হৈছিল। আমাক কোনেও বাধা দিব নোৱাৰে। সেয়া লাগিলে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডী, অমিত শ্বাহ বা ভগৱন্ত মানেই নহওঁক কিয় ।

ইতিমধ্যে অমৃতপাল সিঙে এক অনুষ্ঠানত অমিত শ্বাহক ভাবুকি দিছিল আৰু কৈছিল যে পঞ্জাৱৰ প্ৰতিটো শিশুৱে খলিস্তানৰ বিষয়ে কয়।

Subscribe to EastMojo Assam

Enter your email address to receive notifications of new stories by email.

Join 6,855 other subscribers

Leave a comment

Leave a Reply Cancel reply