নিউজ ডেস্ক: সোমবাৰে চাৰিদিনীয়া ভ্ৰমণসূচীৰে মণিপুৰলৈ যাত্ৰা কৰিছে কেন্দ্ৰীয় গৃহমন্ত্ৰী অমিত শ্বাহে । ২৯ মে’ৰ পৰা ১ জুনলৈ ৰাজ্যত থাকিব গৃহমন্ত্ৰীগৰাকী। ভ্ৰমণৰ সময়ছোৱাত তেওঁ কেইবাবাৰো নিৰাপত্তা বৈঠক অনুষ্ঠিত কৰি পৰিস্থিতিৰ মূল্যায়ন কৰিব আৰু স্বাভাৱিক অৱস্থা পুনৰ ঘূৰাই অনাৰ পদক্ষেপৰ পৰিকল্পনা কৰিব বুলি সূত্ৰই প্ৰকাশ কৰিছে ।

যোৱা ৩ মে’ত জাতিগত সংঘৰ্ষৰ পিছত উত্তৰ-পূব ৰাজ্যখনলৈ গৃহমন্ত্ৰী অমৃত শ্বাহৰ এয়া প্ৰথম ভ্ৰমণ।

জানিব পৰামতে শ্বাহে পৰিস্থিতিৰ মূল্যায়নৰ বাবে কেইবাটাও ৰাউণ্ডৰ নিৰাপত্তা বৈঠক অনুষ্ঠিত কৰিব আৰু স্বাভাৱিক অৱস্থা ঘূৰাই অনাৰ বাবে অধিক পদক্ষেপৰ পৰিকল্পনা কৰিব ।

তেওঁ নাগৰিক সমাজ, মেইটেই আৰু কুকি জনগোষ্ঠীৰ বিভিন্ন গোটৰ প্ৰতিনিধিকো সাক্ষাৎ কৰাৰ সম্ভাৱনা আছে।

মণিপুৰৰ মুখ্যমন্ত্ৰী এন বীৰেণ সিঙে দেওবাৰে কয় যে উত্তৰ-পূব ৰাজ্যখনত শান্তি ঘূৰাই অনাৰ বাবে অভিযান আৰম্ভ কৰাৰ পাছৰে পৰা ঘৰ জ্বলোৱা আৰু সাধাৰণ নাগৰিকৰ ওপৰত গুলীচালনাত জড়িত প্ৰায় ৪০ জন সশস্ত্ৰ সন্ত্ৰাসবাদীক নিৰাপত্তাৰক্ষীয়ে হত্যা কৰিছে।

এই হিংসাত্মক পৰিস্থিতিৰ পূৰ্বে সংৰক্ষিত বনাঞ্চলৰ পৰা কুকি গাঁৱৰ লোকক উচ্ছেদ কৰাক লৈ উত্তেজনা সৃষ্টি হৈছিল, যাৰ ফলত ধাৰাবাহিকভাৱে সৰু সৰু আন্দোলনৰ সৃষ্টি হৈছিল।

শ্বাহে ১৫ মে’ত মণিপুৰত হিংসাত্মক ঘটনা সংঘটিত কৰা সকলৰ বিৰুদ্ধে কঠোৰ ব্যৱস্থা গ্ৰহণৰ নিৰ্দেশ দি স্থায়ী শান্তি সুনিশ্চিত কৰাৰ ক্ষেত্ৰত কেন্দ্রৰ পৰা সম্পূর্ণ সহায় সহযোগিতা আগবঢ়োৱাৰ আশ্বাস দিয়ে ৰাজ্যক ৷

Subscribe to EastMojo Assam

Enter your email address to receive notifications of new stories by email.

Join 7,219 other subscribers

Leave a comment

Leave a Reply