নিউজ ডেস্কঃ অৰুণাচল প্ৰদেশ লোকসেৱা আয়োগৰ কেলেংকাৰী বিৰুদ্ধে প্ৰতিবাদ জনাই পেন অৰুণাচল জইণ্ট ষ্টিয়াৰিং কমিটীয়ে শুক্ৰবাৰে দিনজোৰা বন্ধৰ আহ্বান জনাইছিল । বন্ধৰ আহ্বানৰ মাজতেই এদল প্ৰতিবাদকাৰী পথলৈ ওলাই অহা দেখা পোৱা যায়। পিছলৈ প্ৰতিবাদকাৰী দলটোৱে ৰাজভৱনলৈ আগবাঢ়ি যোৱাত প্ৰশাসনে বাধা দিয়াত নিৰাপত্তাৰক্ষীৰ সৈতে হতাহতি হয়। তাৰ পিছতেই পৰিস্থিতি উত্তপ্ত হৈ পৰে। প্ৰতিবাদকাৰী দলটোৱে আৰক্ষীক শিলাবৰ্ষণ কৰাৰ লগতে আৰক্ষীয়ে কন্দুৱা গেছ প্ৰতিবাদকাৰীলৈ নিক্ষেপন কৰে।
যাৰ পৰিপ্ৰেক্ষিতত ইটানগৰ প্ৰশাসনে আইন শৃংখলা অটুট ৰাখিবলৈ ১৪৪ ধাৰা জাৰি কৰাৰ লগতে শুক্ৰবাৰৰ (১৭ ফেব্ৰুৱাৰী) সন্ধিয়াৰ ৬ বজাৰ পৰা দেওবাৰে (১৯ ফেব্ৰুৱাৰী) সন্ধিয়া ৫ বজাৰলৈকে ইণ্টাৰনেট সেৱা কৰ্তন কৰি দিয়া নিৰ্দেশনা জাৰি কৰিছে।
উল্লখেযোগ্য যে, অৰুণাচল লোকসেৱা আযোগৰ অধীনত অনুষ্ঠিত হোৱা সহকাৰী অভিযন্তা পৰীক্ষাৰ প্ৰশ্ন কাকত মুকলিকৈ ৮-৯ লাখ টকাত বিক্ৰীৰ অভিযোগ উত্থাপন উঠিছে। প্ৰতিবাদকাৰী সকলৰ পৰা জানিব পৰা অনুসৰি, তেওঁলোকৰ মাজৰে এজন পৰীক্ষাৰ পৰীক্ষাৰ্থীয়ে তথ্যসহ সকলো অভিযোগ আনিছিল ।