গুৱাহাটীঃ দাৰ্জিলিঙত বৃহস্পতিবাৰে এখন হোটেলৰ কোঠাত উদ্ধাৰ হৈছে এজন ইজৰাইলী নাগৰিকৰ মৃতদেহ। আৰক্ষীয়ে জনোৱা মতে মৃত লোকজন নাথান লেভি (২৯) বুলি জানিব পৰা গৈছে। ২৭ ছেপ্টেম্বৰত দাৰ্জিলিং পাহাৰৰ ছাণ্ডাকফুত তেওঁ উপস্থিত হৈছিল আৰু হোটেল শ্বেৰ্পা চেলেটত আছিল।

দাৰ্জিলিঙৰ জিলা দণ্ডাধীশ এছ পোননাম্বালামে (S Ponnambalam ) ঘটনাটো নিশ্চিত কৰিছে। “আমি খবৰ পাইছো যে এজন ইজৰাইলী নাগৰিকৰ বৃহস্পতিবাৰে ছাণ্ডাকফুত মৃতদেহ উদ্ধাৰ হৈছে।তেওঁৰ মৃতদেহ মৰণোত্তৰ পৰীক্ষাৰ বাবে প্ৰেৰণ কৰা হৈছে আৰু আৰক্ষী প্ৰশাসনে পৰৱৰ্তী ব্যৱস্থা গ্ৰহণ কৰি আছে ।”

লগতে তেওঁ কয় যে তথ্যসমূহ ইজৰাইলী দূতাবাসক অৱগত কৰিবলৈ গৃহ বিভাগলৈ প্ৰেৰণ কৰা হৈছে।

আৰক্ষীৰ এই সন্দৰ্ভত কয় যে প্ৰথমতে, এইয়া এক প্ৰাকৃতিক মৃত্যু যেন লাগিছিল। কিন্তু আমি এই পৰ্যায়ত চূড়ান্তভাৱে একো ক’ব নোৱাৰো কিয়নো মৰণোত্তৰ পৰীক্ষা আৰু অন্যান্য আনুষ্ঠানিকতা সম্পন্ন কৰাৰ পিছতহে আমি সঠিককৈ ক’ব পাৰিম।

Subscribe to EastMojo Assam

Enter your email address to receive notifications of new stories by email.

Join 6,870 other subscribers

Leave a comment

Leave a Reply