নিউজ ডেস্কঃ ছ’চিয়েল মিডিয়াত যথেষ্ট সক্ৰিয় নগালেণ্ডৰ মন্ত্ৰী টেমজেন ইমনা এলোং। মন্ত্ৰীগৰাকীয়ে প্ৰায়ে তেওঁৰ ধেমেলীয়া টুইটৰ বাবে সংবাদমাধ্যমৰ শিৰোনামত থাকে। শেহতীয়াকৈ, তেওঁ নিজৰ টুইটাৰ হেণ্ডেলত এখন ফটো শ্বেয়াৰ কৰিছে। ফটোখনত কোনো অনুষ্ঠানত অংশ লোৱা সময়ত তেওঁৰ কাষত বহি থকা এজন ব্যক্তিৰ কথা শুনি তেওঁক হাঁহি থকা দেখা গৈছে। একে সময়তে, মন্ত্ৰীজনৰ ঠিক পিছফালৰ শাৰীত বহি থকা তিনিজন লোকৰ মুখত হাঁহি নাছিল।

মন্ত্ৰীগৰাকীয়ে ফটোখন শ্বেয়াৰ কৰি শিৰোনামত লিখিছে, ‘জীৱনটো ক্ষন্তেকীয়া, হাঁহক আপোনালোকৰ এতিয়াও দাঁত আছে। পিছফালৰ তিনিজন ভদ্ৰলোকৰ ক্ষেত্ৰত প্ৰযোজ্য নহয় । ‘ ছ’চিয়েল মিডিয়াত এই টুইটটোৰ সন্দৰ্ভত বিভিন্নজনে প্ৰতিক্ৰিয়া প্ৰকাশ কৰিছে।

বৰ্তমানলৈকে এই পোষ্টটোত ৪২ হাজাৰৰো অধিক লাইক , ৩ হাজাৰৰো অধিক লোকে ৰিটুইট কৰিছে। এজনে লিখিছে, “আৰু যেতিয়া আপোনাৰ দাঁত নাথাকিব আৰু আপুনি হাঁহিব, তেতিয়া আৰু ভাল লাগিব, কিয়নো তেতিয়া আপোনাৰ সৈতে বেলেগেও হাঁহিবলৈ আৰম্ভ কৰিব।”

অন্য এজনে লিখিছে, ‘আপুনি বহুত cute আৰু funny । আমি আপোনাৰ হাস্যৰসবোধ ভালপাওঁ। আপুনি হাস্যৰসৰ ভঁড়াল। ”

কোনোৱে লিখিছে, ‘আপুনি ইমান মস্ত টেনজেম ভাই, কেতিয়াবা ভাবো এটা মোনা লৈ নগালেণ্ডলৈ ওলাই যাম, কেৱল আপোনাক লগ কৰিবলৈ।’

লগতে পঢ়কঃভাৰতত প্ৰস্তুত কৰা চাৰিবিধ কফ চিৰাপ সেৱনত বাধা আৰোপ কৰিছে বিশ্ব স্বাস্থ্য সংস্থাই

Subscribe to EastMojo Assam

Enter your email address to receive notifications of new stories by email.

Join 6,870 other subscribers

Leave a comment

Leave a Reply