গুৱাহাটীঃ অৰুণাচল প্ৰদেশৰ বিধায়ক জাম্বে তাছিৰ বুধবাৰে গুৱাহাটীৰ এখন ব্যক্তিগত চিকিৎসালয়ত মৃত্যু হয়। অৰুণাচলপ্ৰদেশৰ টাৱাঙৰ ১-লুমলা (এছটি) সমষ্টিৰ বিধায়ক আছিল জাম্বে তাছিৰ।
মৃত্যুৰ সময়ত তেওঁৰ বয়স আছিল ৪৮ বছৰ। বিধায়কগৰাকী গুৱাহাটীৰ এখন ব্যক্তিগত চিকিৎসালয়ত চিকিৎসাধীন হৈ আছিল।
১৯৭৪ চনৰ ৭ অক্টোবৰত জন্মগ্ৰহণ কৰা তাছিয়ে ২০০৯ চনৰ পৰা তিনিবাৰ লুমলা বিধানসভা সমষ্টিৰ পৰা বিধায়ক হিচাপে নিৰ্বাচিত হৈছিল। তেওঁ বিজেপিৰ ৰাষ্ট্ৰীয় সংখ্যালঘু মৰ্চাৰো সদস্য আছিল। তেওঁ মুখ্যমন্ত্ৰী পেমা খাণ্ডুৰ সম্পৰ্কীয় ভাতৃ।
বিধায়কগৰাকীৰ মৃত্যুত মুখ্যমন্ত্ৰী গৰাকীয়ে শোকপ্ৰকাশ কৰি টুইটাৰ লিখিছে, “লুমলা বিধানসভা সমষ্টিৰ মাননীয় বিধায়ক তথা মোৰ ভাতৃ জাম্বে তাছিজীৰ মৃত্যু মোৰ বাবে এক বৃহৎ ব্যক্তিগত ক্ষতি আৰু এই দুৰ্ঘটনাত মই গভীৰভাৱে দুখিত।”
তাছিৰৰ নশ্বৰ দেহ গুৱাহাটীৰ পৰা হেলিকপ্টাৰযোগে তেওঁৰ জন্মস্থান লুমলালৈ লৈ যোৱা হ’ব।
তাছিৰৰ মৃত্যুত শোক প্ৰকাশ কৰি কেন্দ্ৰীয় আইন আৰু ন্যায় মন্ত্ৰী কিৰেন ৰিজিজুৱেও টুইটাৰ যোগে শোকপ্ৰকাশ কৰিছে।
২০০৯ চনত, জাম্বে তাছি কংগ্ৰেছৰ প্ৰাৰ্থী হিচাপে ১-লুমলা বিধানসভা সমষ্টিৰ পৰা বিনা প্ৰতিদ্বন্দিতাৰে নিৰ্বাচিত হৈছিল। ২০১৪ চনৰ লুমলা বিধান সভাৰ নিৰ্বাচনত তেওঁ কংগ্ৰেছৰ টিকটত নিৰ্দলীয় প্ৰাৰ্থী থেগ টিছে ৰিনপোচেক ১৪৯৯ টা ভোটত পৰাজিত কৰিছিল। ২০১৯ চনৰ বিধান সভা নিৰ্বাচনত, তেওঁ বিজেপিৰ প্ৰাৰ্থী হিচাপে প্ৰতিদ্বন্দিতা কৰিছিল আৰু এনপিপিৰ জাম্পা ত্ৰিনলী কুনখাপক ১২৮৮ টা ভোটত পৰাজিত কৰিছিল।