নিউজ ডেস্কঃ সাধাৰণতে প্ৰতিবন্ধীলোকসকলে সমাজত বিভিন্ন দিশৰ পৰা নানা ধৰণৰ সমস্যাৰ সন্মুখীন হ’বলগীয়া হয়। নিজকে প্ৰতিষ্ঠা কৰিবলৈও তেওঁলোকে বহু ঘাট-প্ৰতিঘাটৰ পাৰ কৰিবলগীয়া হ’বলগীয়া হয়।

এই লোকসকলৰ সংস্থাপনৰ বাবে মণিপুৰৰ ইম্ফলত মুকলি কৰা হৈছে এখন বিশেষ ৰেষ্টুৰেন্ট।সমাজকৰ্মী ৰোহন ফিলেমে আৰম্ভ কৰা লিবাৰেল কলেজৰ সমীপৰ লুৱাংচাংবামত অৱস্থিত ‘খোংগেল দ্য ভইচ’ নামৰ এই ৰেষ্টুৰেণ্টখন হৈছে উত্তৰ-পূব ভাৰতৰ প্ৰথম খন ৰেষ্টুৰেণ্ট যি বিশেষভাৱে সক্ষম ব্যক্তিসকলে পৰিচালনা কৰে।

মণিপুৰৰ ইম্ফলত সমাজ কল্যাণ মন্ত্রী হেইখাম ডিংগো সিঙে বধিৰ লোকসকলৰ দ্বাৰা পৰিচালিত প্রথমখন ৰেষ্টুৰেণ্ট উদ্বোধন কৰে৷


সমাজকৰ্মী ৰোহন ফিলেমে কয়, “কিছু মাহ আগতে মই বধিৰ ব্যক্তি কেইজনমান ৰ পৰা এটা বিশেষ আবেদন পাইছিলো যে তেওঁলোকে সমাজত এখন মঞ্চ আৰু অন্তৰ্ভুক্তি লাভ কৰিবলৈ সক্ষম হোৱা নাই। গতিকে, মই তেওঁলোকক নিয়োগ প্ৰদান কৰাৰ লগতে তেওঁলোকে নিজৰ দক্ষতা আৰু প্ৰতিভা প্ৰদৰ্শন কৰিব পৰা এটা মঞ্চ সৃষ্টি কৰাৰ লক্ষ্যৰে এই প্ৰচেষ্টা হাতত লৈছো।”

২ অক্টোবৰৰ পৰা এই ৰেষ্টুৰেন্টখন আনুষ্ঠানিকভাৱে জনসাধাৰণৰ বাবে মুকলি কৰা হৈছে।

লগতে ৰোহনে কয়, “এয়া আমাৰ পাইলট প্ৰজেক্ট আৰু ইম্ফল চহৰৰ আৰু কেইটামান শাখাৰ কাম চলি আছে। আমি উত্তৰ-পূব অঞ্চলৰ অন্যান্য অঞ্চলতো ইয়াৰ সম্প্ৰসাৰণৰ পৰিকল্পনা কৰিছো কাৰণ আমাৰ মূল উদ্দেশ্য হৈছে বিশেষভাৱে সক্ষম সম্প্ৰদায়ৰ লোকসকলক যিমান পাৰো নিয়োগ কৰা।

বৰ্তমান এই ৰেষ্টুৰেন্টখনত ১৫ জন বধিৰ লোকক নিয়োগ কৰা হৈছে।

ৰেষ্টুৰেন্টখনত নিয়োজিত হোৱা সৌদাভেই ডুমাইয়ে সাংকেতিক ভাষাৰ জৰিয়তে কয় যে, ‘এয়া মোৰ প্ৰথম চাকৰি । কাম কৰাৰ আৰু উপাৰ্জনৰ এনে সুযোগ পোৱাৰ বাবে মই যথেষ্ঠ সুখী।

এই ৰেষ্টুৰেন্টখনত মেনু সাধাৰণ খাদ্য মেনুৰ দৰে নহয়, প্ৰতিখন টেবুলত উপলব্ধ এটা নিৰ্দিষ্ট ক’ডিং ব্যৱস্থাৰ জৰিয়তে গ্ৰাহকে নিজৰ অৰ্ডাৰ দিব পাৰে।

এই উদ্ভাৱনীমূলক উদ্যোগটোক প্ৰশংসা কৰি মন্ত্ৰী ডিংকোৱে কয় যে, “লিবাৰেল কলেজৰ ওচৰৰ লুৱাংশ্বাংবামত বিশেষভাৱে সক্ষম সম্প্ৰদায়ৰ এক অনন্য ৰেষ্টুৰেণ্ট খংজেল দ্য ভইচৰ গ্ৰেণ্ড মুকলি অনুষ্ঠানত যোগদান কৰি সঁচাকৈয়ে অনুপ্ৰাণিত হৈছো।”

মন্ত্ৰীগৰাকীয়ে লগতে কয় যে এই ৰেষ্টুৰেণ্ট খন বহুতৰ বাবে এক প্ৰেৰণা আৰু ইয়ে প্ৰমাণ যে প্ৰতিগৰাকী ব্যক্তি অনন্য আৰু কাৰো তুলনাত নিম্নমানৰ নহয়।

Subscribe to EastMojo Assam

Enter your email address to receive notifications of new stories by email.

Join 6,841 other subscribers

Leave a comment

Leave a Reply Cancel reply