গুৱাহাটীঃ মণিপুৰত জব্দ বৃহৎ পৰিমাণৰ সোণ। চোৰাংকৈ বিদেশী সোণৰ বিস্কুট সৰবৰাহ কৰোতে ইম্ফলত ৱাহিদুৰ ৰহমান নামৰ এজন ব্যক্তিৰ পৰা শুল্ক বিভাগে জব্দ কৰে ৬৯খন বিদেশী সোণৰ বিস্কুট। লোকজনে থামনাপকপি নামৰ ঠাইৰ পৰা কাকচিং জিলালৈ এখন ভানত কঢ়িয়াইছিল সোণৰ বিস্কুটসমূহ। ভানখনৰ চালক ৱাহিদুৰে সোণৰ চোৰাং ব্যৱসায়ৰ লগত জড়িত থকাৰ কথা অস্বীকাৰ কৰাত ভানখনৰ চালকৰ লগতে আন দুজন যাত্ৰীক পূব ইম্ফলৰ চাংগাখামত অৱস্থিত শুল্ক কাৰ্যালয়লৈ লৈ যোৱা হয় যদিও পিছত যাত্ৰী দুজনক যাব দিয়া হয়।
কাষ্টম আইনৰ অধীনত ইতিমধ্যে ৱাহিদুৰ ৰহমানক আটক কৰা হৈছে। তেওঁ থৌবাল জিলাৰ লাইলুং হাউৰেইবি মায়াই লেইকাই নামৰ ঠাইৰ বাসিন্দা।জব্দ কৰা বিস্কুট সমূহৰ আনুমানিক বজাৰ মূল্য প্ৰায় ৬.০২ কোটি হ’ব বুলি জানিব পৰা গৈছে।