নিউজ ডেস্কঃ Chassad Battalionৰ আছাম ৰাইফলছে শনিবাৰে মণিপুৰৰ kamjong জিলাৰ Chassadত দ্বিতীয় বিশ্বযুদ্ধৰ সময়ৰ এটা বোমা ধ্বংস কৰে।
আনুষ্ঠানিক প্ৰতিবেদন অনুসৰি kamjongত চলি থকা খনন কাৰ্যৰ সময়ত স্থানীয় ৰাইজে দ্বিতীয় বিশ্বযুদ্ধৰ সময়ৰ বোমাটো উদ্ধাৰ কৰে। এই তথ্য লাভ কৰাৰ লগে লগে আছাম ৰাইফলছৰ সৈন্যই স্থানীয় আৰক্ষীৰ সহযোগত বোমাটো নিৰাপদে জনবসতিপূৰ্ণ অঞ্চলটোৰ পৰা আঁতৰাই ধ্বংস কৰাৰ বাবে অন্য ঠাইলৈ লৈ যায়।
এজন আৰক্ষী বিষয়াই জনোৱা মতে, সেনাবাহিনীৰ বোমা বিশেষজ্ঞৰ এটা দলে ‘Violent Technique’ ব্যৱহাৰ কৰি ২৫০ পাউণ্ড ওজনৰ বোমাটো নিৰাপদভাৱে ধ্বংস কৰে।

বোমাটো ধ্বংস কৰাৰ পূৰ্বে মণিপুৰ আৰক্ষী আৰু আছাম ৰাইফলছৰ দলে যুটীয়াভাৱে বোমা উদ্ধাৰস্থলীৰ পৰা ২ কিলোমিটাৰ ব্যাসৰ ভিতৰত বাস কৰা ২৫০ জন বাসিন্দা আৰু তেওঁলোকৰ জীৱ-জন্তু নিৰাপদ ঠাইলৈ আঁতৰাই পঠিয়ায়।
কোনো ধৰণৰ অঘটন নোহোৱাকৈ বোমা ধ্বংসৰ কাম সফলতাৰে সম্পন্ন কৰা হৈছে বুলি আৰক্ষীয়ে উল্লেখ কৰিছে।