নিউজ ডেস্কঃ ১৮সংখ্যক Rubaru Mr India Youth Icon 2022ৰ খিতাপ লাভ কৰিলে মণিপুৰৰ সেনাপতি জিলাৰ বেনাৰ লানামাই জেমছে।

প্ৰতিযোগিতাখনৰ গ্ৰেণ্ড ফিনালে চেন্নাইৰ ক্ৰাউন প্লাজা চেন্নাই আদিয়াৰ পাৰ্কত অনুষ্ঠিত হৈছিল।

বেনাৰ লানামাই জেমছ Rubaru Mr India Youth Icon 2022 খিতাপ লাভ কৰা মণিপুৰৰ প্ৰথম গৰাকী যুৱক।

৬ ফুট উচ্চতাৰ ২২ বছৰীয়া এই যুৱকজনে প্ৰতিযোগিতাখনত ‘শ্ৰেষ্ঠ ৰাষ্ট্ৰীয় সাজপাৰ ‘ সন্মানো লাভ কৰে। বেনাৰ লানামাই পৰিধান কৰা এই পোছাকযোৰ পুমাই নাগা জনজাতিৰ পৰম্পৰাগত পোছাক।

প্ৰতিযোগিতাখনৰ বাবে তেওঁ পৰিধান কৰা গোটেই সাজপাৰ সমূহ তেওঁৰ মাতৃয়ে নিজ হাতেৰে বৈ দিছিল।

প্ৰতিযোগিতাখনৰ এটা ভিডিঅ’ প্ৰেজেণ্টেচনত জেমছে কয়, ‘পোছাকৰ প্ৰতিটো আৰ্হিয়ে এটা কাহিনী কয় আৰু প্ৰতিটো ৰঙে প্ৰকৃতিৰ সৌন্দৰ্যক প্ৰতিফলিত কৰে। মূৰত পৰিধান কৰা পৰম্পৰাগত এই headgear এ সূৰ্যোদয়, পোহৰ ,শক্তি আৰু জীৱনটো উদযাপন কৰাক সূচায়”।

জেমছে লগতে কয়, “যেতিয়া মই এই পোছাক পিন্ধি থিয় হৈছো, মই নিজকে প্ৰবল আত্মবিশ্বাসী অনুভৱ কৰিছো।”

বেনাৰ লানামাই জেমছে বৰ্তমান নতুন দিল্লীত ইংৰাজী বিষয়ত স্নাতকোত্তৰ ডিগ্ৰীত অধ্যয়ণ কৰি আছে। তেওঁ ইংৰাজী, মণিপুৰী, হিন্দী আৰু নাগামিছেকে ধৰি চাৰিটা ভাষাতো ক’ব পাৰে।

উল্লেখ্য যে, ২০২১বৰ্ষত মণিপুৰৰ উখৰুল জিলাৰ চংগাছিম ৰুংচুঙে Rubaru Mr. India United Continents 2020-21 খিতাপ লাভ কৰিছিল।

Subscribe to EastMojo Assam

Enter your email address to receive notifications of new stories by email.

Join 6,587 other subscribers

Leave a comment

Leave a Reply Cancel reply