নিউজ ডেস্কঃ ‘মিছ নৰ্থ ইষ্ট ইণ্ডিয়া-২০২২’ ৰ প্ৰথম ৰাণাৰ্চ আপ খিতাপ দখল কৰিলে অসমৰ ঈশানী হাতীমূৰীয়াই । আনহাতে, মেঘালয়ৰ যুৱতী আইৰিন ডিখাৰে লাভ কৰিলে ‘Miss Northeast 2022’ ৰ খিতাপ। ৩নৱেম্বৰত নগালেণ্ডৰ কহিমাত অনুষ্ঠিত হৈছিল এই প্ৰতিযোগিতা।
উত্তৰ-পূবৰ আঠখন ৰাজ্যৰ ১৪ গৰাকী প্ৰতিযোগীয়ে এই প্ৰতিযোগিতাত অংশগ্ৰহণ কৰিছিল। লক্ষণীয়ভাৱে, এই প্ৰতিযোগিতাখন নাগালেণ্ড চৰকাৰৰ পৃষ্ঠপোষকতাত বিউটি এণ্ড এস্থেটিক ছ’চাইটি অৱ নগালেণ্ডে (বিএএছএন) নৰ্থ ইষ্ট বিউটি পেজেণ্ট অৰ্গেনাইজেচনৰ দ্বাৰা আয়োজন কৰা প্ৰথমখন মিছ নৰ্থ ইষ্ট প্ৰতিযোগিতা।
প্ৰতিযোগিতাখনিত প্ৰথম ৰাণাৰ্চ আপ খিতাপ দখল কৰিলে অসমৰ ঈশানী হাতীমূৰীয়াই , নাগালেণ্ডৰ লিকা চোফিয়ে লাভ কৰে দ্বিতীয় ৰানাৰ্ছ আপ ।
অন্যান্য খিতাপ বিজয়ীসকল হৈছে- মিছ ফটোজেনিক- ঈশানী হাতীমূৰীয়া, মিছ পাৰফেক্ট১০- আইৰিন ডিখাৰ, মিছ টেলেণ্ট – ঈশানী হাতীমূৰীয়া, কুইন অফ হাৰ্টছ – লিকা চোফি, মিছ বিউটিফুল স্কিন – মননাচা দেৱী চাপাম, মিছ মাল্টিমিডিয়া – ডাইনা জোমোয়ে।
উত্তৰ-পূবৰ আঠখন ৰাজ্যৰ প্ৰতিযোগীসকলে সৌন্দৰ্য্য প্ৰতিযোগিতাখনত পৰম্পৰাগত পোছাকৰ জৰিয়তে তেওঁলোকৰ সমৃদ্ধ পৰম্পৰাগত ঐতিহ্য প্ৰদৰ্শন কৰিছিল।