দেওবাৰে মেঘালয়ৰ এখন কাৰাগাৰৰ পৰা পলায়ন কৰা চাৰিজন কয়দীক একাংশ লোকে আক্ৰমণ কৰি হত্যা কৰে। ৰাজ্যখনৰ জয়ন্তীয়া পাহাৰত সংঘটিত হৈছে এই ঘটনা।
প্ৰাপ্ত তথ্য মতে শনিবাৰে দিনৰ প্ৰায় ১.৩০ মেঘালয়ৰ জোৱাইত থকা কাৰাগাৰৰ পৰা ৬জন কয়দীয়ে পলায়ন কৰিছিল। ইয়াৰ পিছত দেওবাৰে আৱেলি জয়ন্তীয়া পাহাৰৰ ছাংপুঙত এদল লোকে ইয়াৰে চাৰিজনক আক্ৰমণ কৰি হত্যা কৰে।
নিহত সকলৰ ভিতৰত I Love You Talang নামৰ এজন ২৫ বছৰীয়া যুৱকো আছে। জানিব পৰা মতে মুৰাপ গাঁৱৰ তালাঙে Damehipaia Papeng নামৰ এজন লোকক হত্যা কৰাৰ অপৰাধত গ্ৰেপ্তাৰ হৈছিল।
I Love You Talang-ৰ সৈতে শনিবাৰে কাৰাগাৰৰ পৰা পলায়ন কৰা আন কয়দীসকল হৈছে Ramesh Dkhar, Marsanki Tariang, Rikmenlang Lamare, Shidorki Dkhar, আৰু Lodestar Tang।
লগতে পঢ়ক – বৰহাটত হৃদয় বিদাৰক ঘটনা,বিদ্যুৎস্পৃষ্ট হৈ আৰক্ষী জোৱানৰ মৃত্যু