নিউজ ডেস্কঃ নাগালেণ্ডত নিৰ্বাচনী প্ৰচাৰৰ আজি প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী ৰাজ্যখনত উপস্থিত হয়। নাগালেণ্ডৰ ছুমুকেডিমাত অনুষ্ঠিত হোৱা নিৰ্বাচনী সভাত মোদীয়ে নাগামিজ ভাষাৰে ভাষণ আৰম্ভ কৰি কয়, “নমস্কাৰ, আপনাখান কেনেকা আছে?”
ভাষণত মোদীয়ে কংগ্ৰেছক তীব্ৰ সমালোচনা কৰি কয় যে, কংগ্ৰেছে কেৱল উত্তৰ-পূবক এটিএমৰ দৰে ব্যৱহাৰ কৰিছিল। কিন্তু আমি উত্তৰ-পূবৰ ৰাজ্যসমূহক অষ্টলক্ষ্মী হিচাপে মানো বুলি প্ৰধানমন্ত্ৰীয়ে কয়।
কংগ্ৰেছে বৰ্তমান পাপৰ ফল ভুগিছে আৰু আগতে দিল্লীৰ পৰা ১ টকা পঠিয়ালে ১৫ পইছাহে ৰাইজে উপভোগ কৰিছিল কিন্তু এতিয়া জনগণে পোনপতীয়াকৈ কোনো মধ্যস্থতাকাৰী নথকাকৈ অনলাইন যোগে টকা পাই বুলি মোদীয়ে নাগালেণ্ড বাসীৰ আগত কয়।
ইপিনে, নাগালেণ্ডত BJP য়ে বহু ভাল কৰি আছে বুলি কৈ ৰাজ্যখনৰ BJP ৰ সভাপতি টেমজেন ইম্না আলঙক প্ৰশংসা কৰে। লগতে টেমজেন কথা গোটেই দেশবাসীয়ে শুনে আৰু মোদীয়েও তেওঁক সামাজিক মাধ্যমত চাবলৈ চেষ্টা কৰোঁ বুলি কয়।

নাগালেণ্ডত NDPP আৰু BJP য়ে পুনৰবাৰ চৰকাৰ গঠন কৰিব বুলি কয় আৰু ৰাজ্যখনৰ পৰা সশস্ত্ৰ বাহিনী বিশেষ ক্ষমতা আইন (AFSPA) আতৰোৱাৰ প্ৰয়াস BJP য়ে অসৰহ চেষ্টা কৰি আছে বুলি উপস্থিত জনগণক অৱগত কৰে।
লগতে পঢ়ক – এতিয়াৰে পৰা বিদ্যালয়ৰ নামভৰ্তিৰ বাবে ন্যূনতম বয়স ৬ বছৰ