নিউজ ডেস্কঃ তুংগত এতিয়া উত্তৰ পূৰ্বাঞ্চলৰ তিনি ৰাজ্যৰ নিৰ্বাচন। নিৰ্বাচন চাপি অহাৰ লগে লগেই মন্ত্ৰী নেতাই নিৰ্বাচনী প্ৰচাৰৰ বাবে ভিৰ কৰা দেখা গৈছে ৰাজ্য কেইখনত। তাৰ মাজতে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ো শনিবাৰে ত্ৰিপুৰাত দুখনকৈ নিৰ্বাচনী সভাত অংশগ্ৰহণ কৰে। নিৰ্বাচনী সভাৰ ভাষণত কংগ্ৰেছ-চিপিআই(এম) মিত্ৰজোঁটক তীব্ৰ সমালোচনা কৰি কয় যে, দুয়োটা দলে কেৰালাত কুষ্টিৰ (মল্লযুদ্ধ) ৰ দৰে যুঁজ দিয়ে আৰু উত্তৰ-পূবৰ ৰাজ্যখনত দোস্তি (বন্ধুত্ব) কৰিছে।

নিৰ্বাচনী জনসভাত ভাষণ দি তেওঁ অভিযোগ কৰে যে, বাওঁপন্থী আৰু কংগ্ৰেছ চৰকাৰে জনজাতীয় লোকসকলৰ মাজত বিভাজন সৃষ্টি কৰিছে আনহাতে বিজেপিয়ে তেওঁলোকৰ সমস্যা সমাধানৰ বাবে কাম কৰিছে, যাৰ ভিতৰত আছে ব্ৰু সকল।

“বিজেপিয়ে সমগ্ৰ ভাৰতত জনজাতীয় লোকসকলৰ উন্নতিৰ বাবে কাম কৰি আছে। আমি ত্ৰিপুৰাত মিজোৰামৰ পৰা স্থানান্তৰিত হোৱা ৩৭,০০০ ৰো অধিক ব্ৰুক পুনৰ সংস্থাপন দিছো। আমাৰ চৰকাৰে উচ্চ শিক্ষাৰ ক্ষেত্ৰত জনজাতীয় ভাষা কোকবৰোক প্ৰৱৰ্তন কৰিছে,” তেওঁ কয়।

উত্তৰ-পূবৰ ৰাজ্যখনত উন্নয়নৰ ধাৰা অব্যাহত ৰাখিবলৈ “ডাবল ইঞ্জিন” চৰকাৰক ভোট দিবলৈ জনসাধাৰণক আহ্বান জনাই তেওঁ কয়, “কংগ্ৰেছ আৰু বাওঁপন্থীসকলৰ দুধাৰী তৰোৱালৰ পৰা সাৱধান হওক, তেওঁলোকে জনসাধাৰণক লাভান্বিত কৰা সকলো আঁচনি বন্ধ কৰিব বিচাৰে।”

প্ৰধানমন্ত্ৰীয়ে কয় যে, প্ৰধানমন্ত্ৰী আৱাস যোজনাৰ অধীনত তিনি লাখ পৰিয়ালৰ বাবে ঘৰ নিৰ্মাণ কৰা হৈছিল, যাৰ ফলত ১২ লাখ লোক উপকৃত হৈছে আনহাতে পাঁচ লাখ দৰিদ্ৰ লোকক আয়ুষ্মান ভাৰত যোজনাৰ সুবিধা প্ৰদান কৰাৰ লগতে  ৰাজ্যখনৰ চাৰি লাখ ঘৰত শৌচালয় নিৰ্মাণ কৰা হৈছে।

ৰাজ্যখনৰ উন্নয়নৰ বাবে তেওঁৰ চৰকাৰে গ্ৰহণ কৰা পদক্ষেপসমূহৰ ভিতৰত এক্ট ইষ্ট নীতিৰ দ্বাৰা ত্ৰিপুৰা ব্যাপকভাৱে লাভান্বিত হ’ব আৰু ই শীঘ্ৰেই দক্ষিণ-পূব এছিয়াৰ প্ৰৱেশদ্বাৰ হৈ পৰিব বুলি প্ৰধানমন্ত্ৰী গৰাকীয়ে কয়।

লগতে তেওঁ কয়, “ত্ৰিপুৰাৰ সিৰা (HIRA) পৰিকল্পনাৰ ক্ষেত্ৰত বিজেপি সফল হৈছে য’ত আগৰতলাৰ পৰা চুৰাইবাৰীলৈ চাৰি লেনৰ পথৰ কাম দ্ৰুত গতিত চলি আছে, আনহাতে ৰাজ্যৰ ৰাজধানীত এটা নতুন বিমানবন্দৰ উদ্বোধন কৰা হৈছে, আনহাতে উন্নত ইণ্টাৰনেট সেৱা লগতে ত্ৰিপুৰা আৰু বাংলাদেশৰ মাজত ৰে’ল যোগাযোগ শক্তিশালী কৰি তোলা হৈছে।”

উল্লেখযোগ্য যে, নাগালেণ্ডত এনডিপিপি-বিজেপি মিত্ৰজোঁট চৰকাৰ গঠনৰ ক্ষেত্ৰত আত্মবিশ্বাস হ’লেও বৰ্তমানে কিন্তু ত্ৰিপুৰা আৰু মেঘালয়ৰ ক্ষেত্ৰত সম্পূৰ্ণৰূপে আত্মবিশ্বাসী হ’ব পৰা নাই বিজেপিৰ দলীয়-কৰ্মীয়ে। যাৰ বাবে এই দুয়োখন ৰাজ্যক লৈ  বিজেপি ভিতৰচৰা প্ৰত্যক্ষ ভাৱে নহ’লেও পৰোক্ষ ভাৱে চিন্তিত হোৱা দেখা পোৱা গৈছে। ত্ৰিপুৰাত কেৱল বিজেপিয়ে নহয় মমতা বেনাৰ্জীৰ নেতৃত্বতো সমানে দৌৰিছে তৃণমূল কংগ্ৰেছে ।

লগতে পঢ়ক – মীন বিভাগত নিযুক্তিত অনিয়মঃ নিলম্বন দুগৰাকী এচিএছ বিষয়াক

Subscribe to EastMojo Assam

Enter your email address to receive notifications of new stories by email.

Join 6,839 other subscribers

Leave a comment

Leave a Reply Cancel reply