গুৱাহাটীঃ নগা শান্তি আলোচনাই পুনৰ নতুন গতি পোৱাৰ পথত ৷ কাইলৈ অৰ্থাৎ ৯ছেপ্টেম্বৰত এই প্ৰক্ৰিয়াক পুনৰ ত্বৰাম্বিত কৰাৰ লক্ষৰে কেন্দ্ৰীয় গৃহ মন্ত্ৰী অমিত শ্বাহৰ সৈতে আলোচনাত মিলিত হ’ব নাগালেণ্ডৰ মুখ্যমন্ত্ৰী নেফিউ ৰিঅ’ সমন্বিতে নাগালেণ্ড চৰকাৰৰ এটা ক’ৰ দল ৷

উল্লেখ্য যে,২০১৫ চনতে কেন্দ্ৰীয় চৰকাৰে নাগা শান্তি আলোচনাৰ প্ৰাৰম্ভিক পদক্ষেপ হিচাপে এন এছ চি এন (আই এম)ৰ সৈতে এক ফ্ৰেমৱৰ্ক অৱ এগ্ৰিমেন্ট স্বাক্ষৰ কৰিছিল ৷ কিন্তু পৰৱৰ্তী সময়ত এন এছ চি এন (আই এম) এ নাগালেণ্ডৰ বাবে সুকীয়া পতাকাৰ দাবী তোলাত সমগ্ৰ প্ৰক্ৰিয়াটোৱেই একপ্ৰকাৰ স্থবিৰ হৈ পৰে৷ কিয়নো, কেন্দ্ৰীয় চৰকাৰে এন এছ চি এন (আই এম)ক স্পষ্টকৈ জনাই দিয়ে যে নাগালেণ্ডৰ বাবে সুকীয়াকৈ এখন পতাকাক স্বীকৃতি দিয়াটো অসম্ভৱ৷ তাৰ পৰিৱৰ্তে কেন্দ্ৰীয় চৰকাৰে এখন সুকীয়া পতাকা স্বীকৃতি দিবলৈ সন্মত হয়, যিখন নগা জাতিয়ে কেৱল সাংস্কৃতিক ক্ষেত্ৰতহে ব্যৱহাৰ কৰিব পাৰিব৷ কিন্তু কেন্দ্ৰীয় চৰকাৰৰ এনে প্ৰস্তাৱক একেআষাৰে নস্যাৎ কৰে এন এছ চি এন (আই এম)এ ৷ তেতিয়াৰে পৰা একপ্ৰকাৰ স্থবিৰ হৈ পৰে নগা শান্তি আলোচনা৷ ইয়াৰ পিছতেই পতাকাক কেন্দ্ৰ কৰি সৃষ্টি হোৱা এই জটিলতা দূৰ কৰি বিষয়টো আগুৱাই নিবলৈ কেন্দ্ৰীয় চৰকাৰে বিশেষভাবে দায়িত্ব দিয়ে অসমৰ মুখ্যমন্ত্ৰী তথা ‘নেডা’ৰ আহ্বায়ক ড৹ হিমন্ত বিশ্ব শৰ্মাক৷

ইয়াৰে অংশস্বৰূপে বুধবাৰে গুৱাহাটীত ড৹ হিমন্ত বিশ্ব শৰ্মাৰ সৈতে এক আলোচনাত মিলিত হয় নাগালেণ্ডৰ মুখ্যমন্ত্ৰী নেফিউ ৰিঅ’ সমন্বিতে ক’ৰ কমিটিৰ সদস্য সকল৷ সেই বৈঠকত ভাগ লৈ উঠিয়েই ৰিঅ’ আৰু ক’ৰ কমিটিৰ সদস্যসকল কালি সন্ধিয়াই গুৱাহাটীৰ পৰা উৰা মাৰে দিল্লী অভিমুখে৷ প্ৰাপ্ত খবৰ অনুসৰি পতাকাকেন্দ্ৰিক জটিলতা আঁতৰাই এন এছ চি এন (আই এম)ৰ সৈতে শান্তি আলোচনাৰ প্ৰক্ৰিয়াক পুনৰ কিদৰে নতুন গতি দিব পাৰি সেই বিষয়ে ৯ছেপ্টেম্বৰত কেন্দ্ৰীয় গৃহমন্ত্ৰী অমিত শ্বাহৰ সৈতে দিল্লীত এক বৈঠকত মিলিত হ’ব নেফিউ ৰিঅ’ আৰু ক’ৰ কমিটিৰ সদস্যসকল ৷

Subscribe to EastMojo Assam

Enter your email address to receive notifications of new stories by email.

Join 7,054 other subscribers

Leave a comment

Leave a Reply