নিউজ ডেস্কঃ আজি উত্তৰ পূৰ্বৰ দুখন ৰাজ্য নগালেণ্ড আৰু মেঘালয়ত বিধানসভাৰ নিৰ্বাচনৰ ভোট গ্ৰহণ কৰা হৈছে। পুৱা ৭ বজাত কটকটীয়া নিৰাপত্তা ব্যৱস্থাৰ মাজেৰে দুয়োখন ৰাজ্যতে ভোটগ্ৰহণ প্ৰক্ৰিয়া ইতিমধ্যেই আৰম্ভ হৈছে। বিয়লি ৪ বজাত ভোট গ্রহণ প্ৰক্ৰিয়া অন্ত পৰিব।

এইবাৰ নাগালেণ্ডৰ নিৰ্বাচনত ৬০টা সমষ্টিৰ বাবে মুঠ ১৮৩ জন প্ৰাৰ্থীয়ে প্ৰতিদ্বন্দ্বিতা কৰিছে। পিছে ঝুনহেবোটো জিলাৰ আকুলুটো সমষ্টিত বিজেপিৰ প্ৰাৰ্থী কাঝহেটো কিনিমি বিনা প্রতিদ্বন্দ্বিতাৰে নিৰ্বাচিত হৈছে। যাৰ বাবে আজি কেৱল ৫৯টাকৈ সমষ্টিতহে ভোট গ্রহণ কৰা হৈছে।

নগালেণ্ডত এইবাৰৰ মুঠ ভোটাৰৰ সংখ্যা ১৩,১৭,৬৩২জন। ৰাজ্যখনত মুঠ ২,৩৫১ টা ভোট গ্রহণ কেন্দ্রত নাগালেণ্ডৰ জনগণয়ে ভোটাধিকাৰ সাব্যস্ত কৰিছে ।

ইফালে, মেঘালয়তো ৬০ টা সমষ্টিৰ ভিতৰত ৫৯ খন আসনৰ বাবে ভোটগ্ৰহণ কৰা হৈছে। ইউ ডি পিৰ প্ৰাৰ্থী ডি আৰ লিংডোৰ মৃত্যু হোৱাত ওহাইঅং সমষ্টিত ভোটগ্ৰহণ স্থগিত ৰখা হৈছে।

এইবাৰ মেঘালয়ত মুঠ ৩৬৯ জন প্ৰাৰ্থীয়ে প্রতিদ্বন্দ্বিতা আগবঢ়াইছে। ২১,৭৫,২৩৬জন ভোটাৰ থকা ৰাজ্যখনত ৩,৪১৯ টা কেন্দ্ৰত ভোট গ্ৰহণ কৰি থকা হৈছে।

Subscribe to EastMojo Assam

Enter your email address to receive notifications of new stories by email.

Join 6,841 other subscribers

Leave a comment

Leave a Reply Cancel reply