নিউজ ডেস্ক: নাগালেণ্ডৰ বিশিষ্ট কবি, লেখক, নৃতাত্ত্বিক তথা অধ্যাপক পদ্মশ্ৰী ড০ টেমচুলা আওৰ দেওবাৰে ডিমাপুৰৰ এখন ব্যক্তিগত চিকিৎসালয়ত মৃত্যু ঘটে।
১৯৭৫ চনৰ ডিচেম্বৰত শ্বিলঙৰ নৰ্থ-ইষ্টাৰ্ণ হিল বিশ্ববিদ্যালয়ত (NEHU) ইংৰাজী বিভাগৰ প্ৰবক্তা হিচাপে যোগদান কৰি ২০১০ চনত অধ্যাপক হিচাপে অৱসৰ গ্ৰহণ কৰিছিল।
১৯৯২ চনৰ পৰা ১৯৯৭ চনলৈ তেওঁ NEHU-ৰ পৰা ডেপুটেশনত ডিমাপুৰৰ উত্তৰ-পূব মণ্ডল সাংস্কৃতিক কেন্দ্ৰ (North East Zone Cultural Centre)-ৰ সঞ্চালক হিচাপে কাৰ্যনিৰ্বাহ কৰিছিল।
২০০৭ চনত তেওঁক সাহিত্য আৰু শিক্ষাখণ্ডত আগবঢ়োৱা অৱদানৰ বাবে পদ্মশ্ৰী বঁটা প্ৰদান কৰা হৈছিল। ২০১৩ চনত, চুটি গল্প সংকলন ‘Laburnum for My Head’-ৰ বাবে তেওঁক সাহিত্য অকাডেমি বঁটা প্ৰদান কৰা হৈছিল।
১৯৪৫ চনৰ ২৫ অক্টোবৰত যোৰহাটত জন্মগ্ৰহণ কৰা টেমচুলা আওৱে কম বয়সতে নিজৰ পিতৃ-মাতৃক হেৰুৱাইছিল। অসমতে নিজৰ স্কুলীয়া শিক্ষা আৰম্ভ কৰা বিশিষ্ট লেখিকা গৰাকীয়ে গোলাঘাটৰ ৰিজৱে’বালিকা বিদ্যালয়ৰ পৰা মেট্ৰিক পৰীক্ষাত অৱতীৰ্ণ হৈছিল।
লেখিকা গৰাকীৰ মৃত্যুত প্ৰধান মন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে শোক প্ৰকাশ কৰে। সোমবাৰে প্ৰধান মন্ত্ৰী এক শোকবাৰ্তাত টেমচুলা আওয়ে সাহিত্যকৰ্মৰ জৰিয়তে নাগা সংস্কৃতিক জনপ্ৰিয় কৰাত গুৰুত্বপূৰ্ণ ভূমিকা পালন কৰিছিল বুলি কয়।
লগতে পঢ়ক – হিন্দু ধৰ্মক লৈ বিৰূপ মন্তব্যঃ দিল্লীৰ আপ চৰকাৰৰ মন্ত্ৰী ৰাজেন্দ্ৰ পাল গৌতমৰ পদত্যাগ