নিউজ ডেস্কঃ পঞ্চমবাৰৰ বাবে নাগালেণ্ডত মুখ্যমন্ত্ৰী হিচাপে আজি শপত গ্ৰহণ কৰিলে নেফিউ ৰিঅ’ই।

কোহিমাৰ কেপিটেল কালচাৰেল হলৰ শপতগ্ৰহণ অনুষ্ঠানটোত মুখ্যমন্ত্ৰীৰ লগতে ৯ গৰাকীয়ে মন্ত্ৰী হিচাপে শপত লয়।

উক্ত অনুষ্ঠানটোত প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী, কেন্দ্ৰীয় গৃহমন্ত্ৰী অমিত শ্বাহ আৰু বিজেপিৰ ৰাষ্ট্ৰীয় সভাপতি জে পি নাড্ডা উপস্থিতি থাকে।

এইবাৰ নাগালেণ্ড মন্ত্ৰীসভাত প্ৰথমবাৰৰ বাবে দুগৰাকীয়ে উপ–মুখ্যমন্ত্ৰী হিচাপে শপতগ্ৰহণ কৰে। ৱাই পেটন আৰু টি আৰ জেলিয়াঙে উপ–মুখ্যমন্ত্ৰী হিচাপে শপতগ্ৰহণ কৰে।

আনহাতে, নাগালেণ্ডত প্ৰথমবাৰৰ বাবে কেবিনেট মন্ত্ৰীৰ পদ লাভ কৰিছে এগৰাকী মহিলাই। নাগালেণ্ডৰ প্ৰথম মহিলা মন্ত্ৰী হিচাপে ছালহৌটৌনৌ ক্ৰুজে শপত লয়।

উল্লেখযোগ্য যে, ৰিঅ’ মন্ত্ৰীসভাত কেবিনেট মন্ত্ৰী হিচাপে আজি শপত গ্ৰহণ কৰে – জি কে আয়ে, জেকব জিমমী, কে জি কেনী, পি পাইৱাং কন্যাক, এম জমিৰ, টেমজেন ইমনা আলং, চি এল জন, ছালহৌটৌনৌ ক্ৰুজে আৰু পি বি ছাং।

লগতে পঢ়ক – লক্ষীমপুৰ চিকিৎসা মহাবিদ্যালয়ত ভয়ংকৰ ঘটনা !

Subscribe to EastMojo Assam

Enter your email address to receive notifications of new stories by email.

Join 7,218 other subscribers

Leave a comment

Leave a Reply