গুৱাহাটীঃ উত্তৰ-পূব ছাত্ৰ সংগঠনৰ উদ্যোগত সমগ্ৰ উত্তৰ-পূবত আজিৰে পৰা আৰম্ভ ‘কা’ বিৰোধী আন্দোলন আৰম্ভ হয়।গুৱাহাটী মহানগৰীত আছুৰ কাৰ্যালয়টো ‘কা’ৰ বিৰুদ্ধে আছুৱে উত্তাল প্ৰতিবাদ সাব্যস্ত কৰে। আছুৰ উপদেষ্টা সমুজ্জল কুমাৰ ভট্টাচাৰ্যৰ নেতৃত্বত কেইবা শতাধিক আছু কর্মীয়ে উত্তাল কৰি তোলে পৰিৱেশ। ‘কা’ আমি নামানো, ‘কা’ বাতিল কৰক, বিজেপি চৰকাৰ মূর্দাবাদ আদি শ্ল’গানেৰে উত্তাল হৈ পৰে আকাশ-বতাহ। আৰক্ষীয়ে বাধা প্ৰদান কৰাত আছু কাৰ্যালয়ৰ ভিতৰতে প্ৰতিবাদ সাব্যস্ত কৰে আছু কর্মীয়ে।
উত্তৰ-পূৰ্বাঞ্চল ছাত্ৰ সংগঠন (নেছ’)ৰ আহ্বানত আজি সমগ্ৰ উত্তৰ-পূৰ্বাঞ্চল জুৰি ‘কা’ বাতিল, জেহাদী, মৌলবাদীক অসম তথা উত্তৰ-পূৰ্বাঞ্চলৰ পৰা পুলিয়ে পোখাই উৎখাত কৰা; উত্তৰ-পূৰ্বাঞ্চলৰ জলন্ত বিদেশী নাগৰিকৰ সমস্যা সমাধান, অসম চুক্তি ৰূপায়ণ, উত্তৰ-পূৰ্বাঞ্চলৰ পৰা ছাত্ৰ-ছাত্ৰীৰ শৈক্ষিক সমস্যা সমাধান,সশস্ত্ৰ বাহিনীৰ বিশেষ সমতা আইন উত্তৰ-পূৰ্বাঞ্চলৰ পৰা সম্পূৰ্ণভাৱে প্ৰত্যাহাৰ,ত্ৰিপুৰাৰ খিলঞ্জীয়া মানুহক বিশেষ সাংবিধানিক ৰক্ষা কৱচ প্ৰদান, অসম চুক্তিৰ ৬নং দফা অনুসৰি কেন্দ্ৰীয় চৰকাৰে গঠন কৰা উচ্চস্তৰীয় কমিটিৰ পৰামৰ্শ মৰ্মে অসমৰ খিলঞ্জীয়া মানুহৰ সাংবিধানিক ৰক্ষা কৱচ প্ৰদান , অসমৰ বানপানী,গৰাখহনীয়া সমস্যাক ৰাষ্ট্ৰীয় সমস্যা হিচাপে সমাধান কৰা,উত্তৰ-পূৰ্বাঞ্চলৰ সকলো ৰাজ্যত ইনাৰলাইন পাৰ্মিট ব্যৱস্থা প্ৰৱৰ্তন কৰা, উত্তৰ-পূৰ্বাঞ্চলৰ নিবনুৱা যুৱক-যুৱতীক মকৰলৰ বাবে উত্তৰ-পূৰ্বাঞ্চলৰ সামৰি সুকীয়া নিয়োগ মণ্ডল সৃষ্টি কৰা আৰু অৰুণাচল প্ৰদেশৰ চাকমা্-হাজং শৰণাৰ্থী সমস্যাৰ স্থায়ী সমাধানকে ধৰি উত্তৰ-পূৰ্বাঞ্চলৰ খিলঞ্জীয়া মানুহৰ সুৰক্ষিত ভৱিষ্যৎ নিশ্চিত কৰাৰ দাবীত বিক্ষোভ প্ৰদৰ্শনেৰে প্ৰতিবাদ সাব্যস্ত কৰে। অসমত সদৌ অসম ছাত্ৰ সন্থাৰ উদ্যোগত গুৱাহাটী মহানগৰীত বিক্ষোভ প্ৰদৰ্শনেৰে প্ৰতিবাদ সাব্যস্ত কৰে।
উত্তৰ-পূৰ্বাঞ্চলৰ সাতখন ৰাজ্যৰ ৰাজধানীত এই বিক্ষোভ প্ৰদৰ্শন কৰা হয়। উত্তৰ-পূৰ্বাঞ্চলত খাছি ছাত্ৰ সন্থা আৰু গাৰো ছাত্ৰ সন্থাই মেঘালয়ৰ ৰাজধানী শ্বিলঙত, নগা ছাত্ৰ ফেডাৰেশ্বনে নগালেণ্ডৰ কহিমাত, সদৌ অৰুণাচল প্ৰদেশ ছাত্ৰ সন্থাই অৰুণাচল প্ৰদেশৰ ইটানগৰত , সদৌ মণিপুৰ ছাত্ৰ সন্থাই মণিপুৰৰ ইম্ফলত, মিজো জিৰলাই প’লে মিজোৰামৰ আইজলত,ত্ৰিপুৰা ছাত্ৰ ফেডাৰেশ্বনে ত্ৰিপুৰাৰ আগৰতলাত বিক্ষোভ প্ৰদৰ্শন কৰিব।
সদৌ অসম ছাত্ৰ সন্থাৰ সভাপতি দীপাংক কুমাৰ নাথ আৰু সম্পাদক শংকৰজ্যোতি বৰুৱাই কয়, নেছ’ৰ আহ্বানত ‘কা’ বাতিল, মৌলবাদীক উচ্ছেদ, অসম চুক্তি ৰূপায়নেৰে অসমৰ জলন্ত বিদেশী সমস্যা সমাধান,সাংবিধানিক ৰক্ষা কৱচ প্ৰদান, অসমৰ বান-গৰাখহনীয়াক ৰাষ্ট্ৰীয় সমস্যা হিচাপে সমাধানৰ লগতে আন আন সমস্যা সমাধানৰ বাবে প্ৰতিবাদ সাব্যস্ত কৰে।