নিউজ ডেস্কঃ ইতিমধ্যে উত্তৰ-পূৰ্বৰ তিনিৰাজ্যৰ বিধানসভাৰ নিৰ্বাচন অনুষ্ঠিত হৈ গৈছে। নাগালেণ্ড, ত্ৰিপুৰা আৰু মেঘালয়ত বিজেপি দলে একক সংখ্যাগৰিষ্ঠতা ভাৱে হওক বা মিত্ৰজোঁট ভাৱে হওক চৰকাৰ গঠনত অংশীদাৰিত্ব পাইছে।

উত্তৰ-পূৰ্বৰ এই তিনিখন ৰাজ্যই ইতিমধ্যে নিজ নিজ ৰাজ্যৰ ৰাজ্যপালক চৰকাৰ গঠনৰ প্ৰস্তাৱ দিছে। নাগালেণ্ড আৰু মেঘালয়ত ৭ মাৰ্চত আৰু ত্ৰিপুৰাত ৮ মাৰ্চত ৰাজ্যকেইখনত চৰকাৰ গঠন কৰিব।

উক্ত শপত গ্ৰহণ তিনিটাতেই প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে অংশগ্ৰহণ কৰিব।

উল্লেখযোগ্য যে, ইতিমধ্যে মুখ্যমন্ত্ৰী হিচাপে নাগালেণ্ডত চতুৰ্থবাৰৰ বাবে নেইফিউ ৰিঅ’ক বিধায়নী দলে নিৰ্বাচন কৰাৰ মেঘালয়ত দ্বিতীয়বাৰৰ বাবে কনৰাড চাংমাই মুখ্যমন্ত্ৰী শপত গ্ৰহণ কৰিব। কিন্তু বৰ্তমানলৈকে ত্ৰিপুৰাত কোনে মুখ্যমন্ত্ৰী হিচাপে শপত গ্ৰহণ কৰিব সেয়া এতিয়াও বিজেপি নেতৃত্বই আনুষ্ঠানিক ঘোষণা কৰা নাই। ইতিমধ্যে নিয়ম অনুসৰি ত্ৰিপুৰাৰ মুখ্যমন্ত্ৰী পদৰ পৰা মাণিক সাহাই পদত্যাগ পত্ৰ ৰাজ্যপালক দিছে।

Subscribe to EastMojo Assam

Enter your email address to receive notifications of new stories by email.

Join 7,218 other subscribers

Leave a comment

Leave a Reply