গুৱাহাটীঃ উত্তৰ-পূব ৰে’লৱেই ২০২২ চনৰ এপ্ৰিলৰ পৰা আগষ্টলৈকে টিকট বিহীন যাত্ৰীৰ বিৰুদ্ধে চলোৱা অভিযানত ২৯.৮৬ কোটি টকা জৰিমনা সংগ্ৰহ কৰে। ৩ ছেপ্টেম্বৰৰ পৰা ১০ ছেপ্টেম্বৰলৈ উত্তৰ-পূব ৰে’লৱেৰ বিভিন্ন ৰে’ল ষ্টেচনত যাত্ৰীসকলৰ টিকট পৰীক্ষা কৰা হৈছিল। অভিযানৰ সময়ত ৫৪৭টা ঘটনা ধৰা পৰিছিল আৰু অতিৰিক্ত ভাড়া আৰু জৰিমনা হিচাপে ৪.০৯ লাখ টকাৰ অধিক পৰিমাণৰ জৰিমনা সংগ্ৰহ কৰা হৈছিল বুলি উত্তৰ-পূব ৰেলৱেৰ এক বিজ্ঞপ্তিত প্ৰকাশ পাইছে।
প্ৰেছ বিজ্ঞপ্তিত উল্লেখ কৰা হৈছে, “২০২২ চনৰ এপ্ৰিলৰ পৰা আগষ্টলৈকে বিনা টিকট আৰু টিকট নিশ্চিত নোহাৱা ৩৭৫০৩১ যাত্ৰী ধৰা পৰিছিল আৰু অতিৰিক্ত ভাড়া আৰু জৰিমনা হিচাপে ২৯.৮৬ কোটি টকা সংগ্ৰহ কৰা হৈছিল। জৰিমনা গোচৰৰ সংখ্যাৰ ক্ষেত্ৰত ই মুঠতে ৩২৬.৫৫% অধিক আৰু জৰিমনা সংগ্ৰহৰ ক্ষেত্ৰত পূৰ্বৰ বছৰৰ তুলনাত ৬৯৮.৭৬% অধিক আছিল। এই বিশেষ অভিযানৰ সময়ত প্ৰায় ৩,৩৭২ টা বুকিং নকৰা লাগেজ ধৰা পৰিছিল আৰু চলিত বিত্তীয় বৰ্ষৰ আগষ্ট ২০২২ লৈকে ৬ লাখ টকাৰ অধিক জৰিমনা সংগ্ৰহ হৈছিল।”
লগতে প্ৰেছ বিজ্ঞপ্তিত উল্লেখ কৰা হৈছে, “টিকট অবিহনে বা টিকটত নিৰ্দ্ধাৰিত দূৰত্বৰ বাহিৰত ভ্ৰমণ কৰিলে অতিৰিক্ত জৰিমনাৰ লগতে ভাড়া আৰোপ কৰিব পাৰে। যদি কোনো যাত্ৰী জৰিমনা পৰিশোধ কৰিবলৈ অস্বীকাৰ কৰে, তেন্তে তেওঁক ৰে’ল আইন, 1989-ৰ প্ৰাসঙ্গিক ধাৰাৰ অধীনত তেওঁৰ বিৰুদ্ধে মোকৰ্দমা কৰা হ’ব। উত্তৰ-পূব ৰেলৱেই সাধাৰণ ৰাইজক সঠিক আৰু বৈধ টিকটৰ সৈতে ভ্ৰমণ কৰিবলৈ লগতে বৈধ পৰিচয় পত্ৰ লগত ৰাখিবলৈ আহ্বান জনাইছিল। বৰ্তমান যাত্ৰীসকলে তেওঁলোকৰ স্মাৰ্টফোনত Unreserved Ticketing System ম’বাইল এপ্লিকেচনৰ জৰিয়তে দেশৰ যিকোনো প্ৰান্তৰ পৰা ৰেলৰ টিকট ক্ৰয় কৰিব পাৰে। ইউটিএছ এপ্লিকেচনটো এণ্ড্ৰইড আৰু এপ’ল এপ ষ্ট’ৰ দুয়োটাৰ পৰা ডাউনলোড কৰিব পাৰি”।