নিউজ ডেস্কঃ উত্তৰ-পূব সীমান্ত ৰে’লৱেত খালী হৈ থকা বিভিন্ন পদৰ বাবে ২২ অক্টোবৰত গুৱাহাটীত অনুষ্ঠিত হব ‘ৰোজগাৰ মেলা’ ।
“ৰোজগাৰ মেলা” হৈছে কেন্দ্ৰীয় চৰকাৰৰ এক বৃহৎ নিযুক্তি প্ৰচেষ্টা। প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে ৰে’ল বিভাগকে ধৰি বিভিন্ন বিভাগত খালী হৈ থকা পদসমূহ পূৰণৰ বাবে নিযুক্তিৰ নিৰ্দেশ দিছে।
এই অভিযানৰ অংশ হিচাপে দেশৰ বিভিন্ন স্থানত নতুন প্ৰাৰ্থীসকলক নিযুক্তি পত্ৰ প্ৰদান কৰা হ’ব আৰু নিৰ্বাচিত প্ৰাৰ্থীসকলক ২২ অক্টোবৰৰ পুৱা ১১ বজাত অৰ্থাৎ শনিবাৰে উক্ত নিৰ্ধাৰিত স্থানসমূহত ভাৰ্চুৱেল মোডৰ জৰিয়তে প্ৰধানমন্ত্ৰীয়ে সম্বোধন কৰিব।
নতুন নিযুক্তিৰ প্ৰথম পৰ্যায়ত ৭৫,০০০ খালী পদ অন্তৰ্ভুক্ত থাকিব । বৃহস্পতিবাৰে এক বিবৃতিযোগে উত্তৰ-পূব সীমান্ত ৰে’লৱে মুখ্য জনসম্পৰ্ক বিষয়া সব্যসাচী দে’ এই বিষয়ে উল্লেখ কৰে।
এই কাৰ্যসূচী গুৱাহাটীৰ মালিগাঁৱত অৱস্থিত ৰং ভৱনৰ সাংস্কৃতিক হলত অনুষ্ঠিত হ’ব।কেন্দ্ৰীয় বন্দৰ, জাহাজ ,জলপথ আৰু আয়ুষ মন্ত্ৰী সৰ্বানন্দ সোণোৱালে নিৰ্বাচিত প্ৰাৰ্থীসকলক নিযুক্তি পত্ৰ প্ৰদান কৰিব। লগতে বিভিন্ন চৰকাৰী বিভাগৰ অন্যান্য জ্যেষ্ঠ বিষয়াসকলেও এই অনুষ্ঠানত অংশ ল’ব। এই অনুষ্ঠানত ৰে’লৱে, চিবিডিটি, বিএছএফ, চিআইএছএফকে ধৰি বিভিন্ন চৰকাৰী বিভাগৰ পৰা প্ৰায় ২০০ জন নিৰ্বাচিত প্ৰাৰ্থীক নিযুক্তি পত্ৰ প্ৰদান কৰা হ’ব।
কেন্দ্ৰীয় মন্ত্ৰী সৰ্বানন্দ সোণোৱালে কয় যে প্ৰধানমন্ত্ৰীয়ে ডেৰ বছৰৰ ভিতৰত কেন্দ্ৰীয় চৰকাৰৰ বিভিন্ন বিভাগত ১০ লাখ নিযুক্তি দিবলৈ নিৰ্দেশ দিছে। এই প্ৰচেষ্টাই যিসকল প্ৰাৰ্থী কেন্দ্ৰীয় চৰকাৰৰ সেৱাত যোগদান কৰিবলৈ আগ্ৰহী সেই প্ৰাৰ্থীসকলক সুযোগ প্ৰদান কৰিব। এই কাৰ্যসূচীৰ উদ্দেশ্য হৈছে যুৱসকলৰ বাবে নিযুক্তিৰ সুযোগ সৃষ্টি কৰা আৰু দেশত জনকল্যাণ নিশ্চিত কৰাৰ প্ৰতি চৰকাৰৰ প্ৰতিশ্ৰুতি পূৰণ কৰা।