গুৱাহাটীঃ  উত্তৰ-পূব সীমান্ত ৰে’লৱেই ‘ছট’ পূজাৰ বাবে যাত্ৰীসকলৰ সুবিধাৰ্থে ডিব্ৰুগড়-গোৰখপুৰ আৰু নিউ জলপাইগুৰি-গোৰখপুৰ পথত দুখন বিশেষ ৰে’ল চলোৱাৰ সিদ্ধান্ত লৈছে। দুয়োখন ৰে’লতে থাকিব ২০টাকৈ ডবা।

বিশেষ ৰেল দুখনৰ এখন ২৭ অক্টোবৰৰ সন্ধিয়া ৭.২৫ বজাত ডিব্ৰুগড়ৰ পৰা ৰাওনা হ’ব আৰু ২৯ অক্টোবৰৰ ৰাতিপুৱা গোৰখপুৰত উপস্থিত হ’ব।

ৰে’লখনে ১ নৱেম্বৰত গোৰখপুৰৰ পৰা ৭:৫০ বজাত যাত্ৰা আৰম্ভ কৰিব আৰু পিছদিনা ২০:৫০ বজাত অসমৰ ডিব্ৰুগড়ত উপস্থিত হ’ব।

আনখন ৰেল ২৯ অক্টোবৰৰ সন্ধিয়া ৫ বজাত গোৰখপুৰৰ পৰা যাত্ৰা আৰম্ভ কৰি পিছদিনা ৰাতিপুৱা পশ্চিমবংগৰ নিউ জলপাইগুৰিত উপস্থিত হ’ব।

পুনৰ ৰেলখন ৩১ অক্টোবৰৰ দুপৰীয়া ২ বজাত নিউ জলপাইগুৰিৰ পৰা ৰাওনা হ’ব আৰু পিছদিনা ৰাতিপুৱা গোৰখপুৰত উপস্থিত হ’ব।

Subscribe to EastMojo Assam

Enter your email address to receive notifications of new stories by email.

Join 6,587 other subscribers

Leave a comment

Leave a Reply Cancel reply