গুৱাহাটীঃ উত্তৰ-পূব সীমান্ত ৰে’লৱেৰ ৰে’ল সুৰক্ষা বাহিনীৰ অভিযানত উদ্ধাৰ ৫নাবালক শিশু। ৰে’ল সুৰক্ষা বাহিনীয়ে মানৱ সৰবৰাহকাৰী,নিচাযুক্ত দ্ৰব্যৰ বিৰুদ্ধে কেইবাটাও ষ্টেচনত পৃথকে পৃথকে চলোৱা অভিযানত উদ্ধাৰ হৈছে শিশুকেইজন। উদ্ধাৰ কৰা নাবালককেইজনক সংশ্লিষ্ট চাইল্ডলাইনক চমজাই দিয়ে ৰে’ল আৰক্ষীয়ে।

২৭ ছেপ্টেম্বৰত নিউ জলপাইগুৰিৰ ৰে’ল সুৰক্ষা বাহিনীয়ে নিউ জলপাইগুৰি ৰেল ষ্টেচনত ১৫৯০৩ নং ৰেল (ডিব্ৰুগড়-চণ্ডিগড় এক্সপ্ৰেছ)ত নিয়মীয়া তালাচী চলোৱা সময়ত ৰেলখনৰ পৰা মানৱ সৰবৰাহকাৰীৰ কবলৰ পৰা পলায়ন কৰা এজন নাবালক ল’ৰাক উদ্ধাৰ কৰে।

২৯ ছেপ্টেম্বৰত কাটিহাৰ ৰেল ষ্টেচনত মানৱ সৰবৰাহকাৰীৰ বিৰুদ্ধে চলোৱা এক অভিযানত কাটিহাৰ (পূব)ৰ ৰে’ল সুৰক্ষা বাহিনীয়ে দুজন নাবালক ল’ৰাক উদ্ধাৰ কৰে।

একেদিনাই গুৱাহাটীত ৰে’ল সুৰক্ষা বাহিনীয়ে গুৱাহাটী ৰে’ল ষ্টেচনত মানৱ সৰবৰাহৰ বিৰুদ্ধে অভিযান চলায়। অভিযানত তেওঁলোকে এজন পলাতক নাবালক লৰা উদ্ধাৰ কৰিছিল। 

আনহাতে, ৩০ ছেপ্টেম্বৰত শিলচৰৰ ৰে’ল সুৰক্ষা বাহিনীয়ে শিলচৰ ৰেল ষ্টেচনত চলোৱা নিয়মীয়া তালাচীত এজন পলাতক নাবালক ল’ৰা উদ্ধাৰ কৰে। উদ্ধাৰ কৰা নাবালকজনক পৰৱৰ্তী পদক্ষেপৰ বাবে শিলচৰৰ চাইল্ডলাইনক চমজাই দিয়ে।

উল্লেখ্য যে, ষ্টেচনত মানৱ সৰবৰাহৰ সৈতে জড়িত সন্দেহযুক্ত ব্যক্তিৰ লগতে সন্দেহজনক ভাৱে শিশুৰ চলাচলত চোকা নজৰ ৰাখিবলৈ ষ্টেচনত নিয়োজিত আৰপিএফ ৰে’ল এছক’ৰ্ট পাৰ্টি আৰু কৰ্মচাৰীসকলক সতৰ্ক হৈ থাকিবলৈ নিৰ্দেশ দিয়া হৈছে।

Subscribe to EastMojo Assam

Enter your email address to receive notifications of new stories by email.

Join 6,870 other subscribers

Leave a comment

Leave a Reply