নিউজ ডেস্কঃ মেঘালয়ৰ বিধানসভাৰ মুঠ ৬০ খন আসনত কোনো দলে নাপালে সংখ্যাগিষ্ঠতা।

দল সমূহৰ ভিতৰত কনৰাড চাংমাৰ এনপিপি দলে ২৭ খন আসন লাভ কৰি সবাতোটকৈ বেছি আসন লাভ কৰিছে।

অকলেই যুঁজ দিয়া বিজেপিয়ে মাত্ৰ ২ খন আসনহে লাভ কৰিবলৈ সক্ষম হয়।

ইফালে, কংগ্ৰেছে ৫খন, তৃণমূল কংগ্ৰেছে ৫খন আৰু অন্যান্যই লাভ কৰে ২০খন আসন।

অন্যান্যৰ ২০ খন আসনৰ ভিতৰত নিৰ্দলীয়ই ২খন, এইচএছপিডিপি য়ে ২খন, পিডিএফ য়ে ২ খন, ইউডিপি য়ে ১০ খন, ভিপিপি য়ে চাৰিখন আসন দখল কৰিছে।

উল্লেখযোগ্য যে, মেঘালয়ৰ সংখ্যাগৰিষ্ঠতাৰ মেজিক নম্বৰ ৩১। তেনেক্ষেত্ৰত বুধবাৰে নিশা কনৰাড চাংমা আৰু হিমন্ত বিশ্ব শৰ্মাৰ সৈতে হোৱা গোপন বৈঠক কিমান ফলপ্ৰসূ হ’ব সেয়া দুই এদিনতে গম পোৱা যাব। কিয়নো NPP য়ে চৰকাৰ গঠন কৰিবলৈ বিচাৰিলে কেৱল বিজেপি সহায়ৰে সম্ভৱ নহয়।  

লগতে পঢ়ক – ত্ৰিপুৰাটো ফুলিল বিজেপিৰ পদুম

Subscribe to EastMojo Assam

Enter your email address to receive notifications of new stories by email.

Join 6,841 other subscribers

Leave a comment

Leave a Reply Cancel reply