নিউজ ডেস্কঃ উত্তৰ-পূৰ্বৰ উন্নয়নৰ কেন্দ্ৰীয় চৰকাৰে প্ৰতি বৰ্ষতে ব্যয় কৰি আহিছে কোটি কোটি টকা। উত্তৰ-পূৰ্বৰ ৰাজ্য কেইখনৰ উন্নয়নৰ বাবে কেন্দ্ৰয়ে সৰ্বাধিক গুৰুত্ব দিয়াৰ কথাও আজি লোকসভাত এক প্ৰশ্নৰ লিখিত উত্তৰত উত্তৰ-পূব অঞ্চল উন্নয়ন মন্ত্ৰী জি কিষাণ ৰেড্ডীয়ে এই কথা সাদৰি কৰে।

লগতে তেওঁ কয় যে, উত্তৰ-পূৰ্বৰ উন্নয়নৰ বাবেই কেন্দ্ৰীয় চৰকাৰে ২০১৪-১৫ চনৰ পৰা ৩১ ডিচেম্বৰ, ২০২২ লৈকে সৰ্বমুঠ ৩,৮৪,৫৬১.৬১ কোটি টকা ব্যয় কৰিছে।

ৰেড্ডীয়ে লগতে তথ্য প্ৰদান কৰে যে, ২০১৪-১৫ চনত ২৪,৮১৯.১৮ কোটি , ২০১৫-১৬ বৰ্ষত ২৮,৬৭৩.৭৩ কোটি, ২০১৬-১৭ বৰ্ষত ২৯,৩৯৭.৯ কোটি, ২০১৭-১৮ বৰ্ষত ৩৯,৭৫৩.৪৪ কোটি, ২০১৮-১৯ বৰ্ষত ৪৬,০৫৪.৮০ কোটি, ২০১৯-২০ বৰ্ষত ৪৮,৫৩৩.৮০ কোটি, ২০২০-২১ বৰ্ষত ৪৮,৫৬৩.৮২ কোটি, ২০২১-২২ বৰ্ষত ৭০,৮৭৪.৩২ কোটি আৰু ২০২২-২৩ বৰ্ষৰ ৩১.১২.২০২২ ৰ লৈকে ৪৭,৯২০ কোটি টকা কেন্দ্ৰীয় চৰকাৰে উত্তৰ-পূৰ্বৰ উন্নয়নৰ বাবে ব্যয় কৰিছে।

উল্লেখযোগ্য যে, মুঠ ৫৫ টা ৰেহাই বিহীন কেন্দ্ৰীয় মন্ত্ৰালয়ে ধাৰ্য কৰা প্ৰত্যেক বৰ্ষৰ মুঠ বাজেটীয় সমৰ্থনৰ (জিবিএছ) কমেও ১০% উত্তৰ-পূব অঞ্চলত কেন্দ্ৰীয় খণ্ড আৰু কেন্দ্ৰীয় পৃষ্ঠপোষকতা ত ব্যয় কৰাৰ বাবে বাধ্যতামূলক কৰা হৈছে। যাৰ বাবে কেন্দ্ৰীয় বিভাগ তথা মন্ত্ৰালয়ে সমূহে প্ৰস্তুত কৰা আঁচনি সমূহ উত্তৰ-পূৰ্বত অঞ্চলত বাস কৰা লোকৰ কাষ চাপিছে।

লগতে পঢ়ক – সমষ্টি পুনৰ গঠনক লৈ অসমলৈ আহিব দেশৰ মুখ্য নির্বাচন আয়ুক্ত

Subscribe to EastMojo Assam

Enter your email address to receive notifications of new stories by email.

Join 7,060 other subscribers

Leave a comment

Leave a Reply