নিউজ ডেস্ক: পৰ্যটনৰ ক্ষেত্ৰত কেৱল দেশ ভিতৰতে নহয় বিশ্ব মানচিত্ৰত কাজিৰঙাৰ আছে এখ সুকীয়া স্থান। প্ৰাকৃতিক সৌন্দৰ্য্য আৰু জৈৱ-বৈচিত্ৰই দেশ-বিদেশৰ পৰ্যটকক সদাই আকৰ্ষণ কৰি অহা কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যানলৈ এইবাৰ আহিছে এক বিশেষ স্বীকৃতি।

ভাৰতৰ শীৰ্ষ ভ্ৰমণ আলোচনী তথা ৱেবছাইট Outlook Travel Magazine-এ আগবঢ়োৱা ২০২২ বৰ্ষৰ Outlook Traveller Award-ত কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যানলৈ আগবঢ়োৱা হৈছে Best Wildlife Destination in India-ৰ স্বৰ্ণ সন্মান।

কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যানৰ হৈ অসম পৰ্যটন বিকাশ নিগমৰ পৰিচালন সঞ্চালক পদ্মপানী বৰা আৰু অসম পৰ্যটনৰ অতিৰিক্ত মুখ্য সচিব মনিন্দৰ সিঙে কেন্দ্ৰীয় পৰ্যটন আৰু সাংস্কৃতিক মন্ত্ৰী জি কিশান ৰেড্ডীৰ পৰা উক্ত সন্মান লাভ কৰে।

কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যানৰ উপৰি ছিকিমৰ পেলিং আৰু কাঞ্চনজংঘালৈ Best Mountain/Hill Views Destination in India-ৰ স্বৰ্ণ, ছিকিমৰ গেংটকৰ পৰা Tsomgo হ্ৰদ আৰু নাথুলা পাছক Best Scenic Drive Destination in India-ৰ স্বৰ্ণ সন্মান প্ৰদান কৰা হয়।

আনহাতে নাগালেণ্ডৰ খনমা  গাঁৱক Best Offbeat Destination in India-ৰ ৰূপৰ পদক আৰু মেঘালয়ৰ মাওলিনঙক Best Eco-Tourism Destination in India-ৰ ৰূপৰ পদক প্ৰদান কৰা হয়।

বহনক্ষম পৰ্যটনৰ বিকাশ আৰু প্ৰসাৰৰ ক্ষেত্ৰত আগবঢ়াই অহা বিশেষ অৱদানৰ স্বীকৃতি স্বৰূপে Outlook Travel Magazine-এ এই সন্মান আগবঢ়াইছে।

লগতে পঢ়ক – অসম চৰকাৰে অতি শীঘ্ৰেই বন্ধ কৰি দিব ৰাজ্যৰ ৩৪খন চৰকাৰী বিদ্যালয়

Subscribe to EastMojo Assam

Enter your email address to receive notifications of new stories by email.

Join 7,006 other subscribers

Leave a comment

Leave a Reply